ETV Bharat / state

Price Hike in Assam: শাক-পাচলিৰ‌ বজাৰতো জ্বলিছে জুই; মূল্য বঞ্চিত প্ৰকৃত কৃষক

শেহতীয়াকৈ বজাৰত শাক-পাচলিৰ জুই-ছাই দাম বৃদ্ধি পাইছে যদিও উচিত মূল্য পোৱা নাই প্ৰকৃত কৃষকে ৷ এচাম মধ্যভোগীয়ে কৃষকৰ কষ্টোপাৰ্জিত কৃষিজাত সামগ্ৰী কম মূল্যত উৎপাদিত ক্ষেত্ৰৰ পৰা কম ক্ৰয় কৰি বজাৰত সেই সমূহ সামগ্ৰী 40 ৰ পৰা 60 শতাংশ অধিক দামত বিক্ৰী কৰি আহিছে ৷

author img

By

Published : Jul 2, 2023, 1:41 PM IST

Updated : Jul 2, 2023, 2:24 PM IST

Pathetic condition of vegetable farmer
মূল্য বঞ্চিত প্ৰকৃত কৃষক
শাক-পাচলিৰ জুই-ছাই দাম

টীয়ক, 2 জুলাই : ৰাজ্যৰ বজাৰত মূল্যবৃদ্ধিৰ জুই ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ জুয়ে দহিছে সাধাৰণ জনতাক । খাদ্য সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আদি কৰি সকলো সামগ্ৰীতেই হৈছে মূল্যবৃদ্ধি ৷ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে চেপি-খুন্দি জুৰুলা কৰি পেলাইছে সৰ্বসাধাৰণক ৷

অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ শেহতীয়াকৈ বজাৰত দেখা গৈছে শাক-পাচলিৰ জুই-ছাই দাম ৷ অথচ উচিত মূল্য পোৱা নাই প্ৰকৃত কৃষকে ৷ শেহতীয়াকৈ বজাৰত শাক-পাচলিৰ দাম বৃদ্ধি পোৱাৰ ফলত সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসূধন দেখিছে ৷ ক্ৰমান্বয়ে বৃদ্ধি পাই থকা শাক-পাচলিৰ দাম ৰোধ কৰাত বা নিয়ন্ত্ৰণ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰৰ কৃষি বিভাগ ৷

লক্ষ্যণীয় ভাৱে বজাৰত শাক-পাচলিৰ এই জুই-ছাই দাম হোৱা সত্ত্বেও প্ৰকৃত কৃষকে পোৱা নাই শ্ৰমৰ উচিত মূল্য ৷ এচাম মধ্যভোগীয়ে কৃষকৰ কষ্টোপাৰ্জিত কৃষিজাত সামগ্ৰী কম মূল্যত উৎপাদিত ক্ষেত্ৰৰ পৰা কম ক্ৰয় কৰি বজাৰত সেই সমূহ সামগ্ৰী 40 ৰ পৰা 60 শতাংশ অধিক দামত বিক্ৰী কৰি আহিছে ৷ মধ্যভোগী এনে ব্যৱসায়ীয়ে অত্যাধিক দামত শাক-পাচলি বিক্ৰী কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃত কৃষকে ৷ এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে যদিও চৰকাৰৰ নিস্ক্ৰীয়তাৰ সুযোগ গ্ৰহণ কৰি অধিক দামত বজাৰত মধ্যভোগী ব্যৱসায়ীয়ে শাক-পাচলি বিক্ৰী কৰি আছে ৷

ইফালে বৰ্তমান প্ৰতিকূল বতৰৰ বাবেও শাক-পাচলিৰ উৎপাদন প্ৰয়োজনতকৈ কমি গৈছে যদিও এয়া ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবেও শাক-পাচলিৰ গছবোৰৰ ক্ষতি সাধন হৈছে বুলি মন্তব্য কৰিছে চৰকাৰীভাৱে সন্মানিত আদৰ্শ যুৱ কৃষক নৱনিধি গগৈয়ে ৷ আনহাতে জৈৱিক পদ্ধতিৰে খেতি কৰি প্ৰতিকূল বতৰতো তেওঁৰ উৎপাদন হ্ৰাস হোৱা নাই বুলিও সদৰি কৰি সকলোকে জৈৱিক পদ্ধতিৰে খেতি খোলা কৰি স্বাৱলম্বীতাৰ পথ সুগম কৰিবলৈ আহ্বান জনাইছে যুৱ কৃষকগৰাকীয়ে ৷ লগতে অত্যাধিক মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ বা কৃষি বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি ৰাইজে উচিত মূল্যত শাক-পাচলি পোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে কৃষক গৰাকীয়ে ৷

লগতে পঢ়ক: Patients deprived of medical care: স্বাস্থ্যখণ্ডৰ এক দুখজনক ছবি; কান্ধত ভাৰ বান্ধি ৰোগীক নিলে চিকিৎসালয়লৈ

Last Updated : Jul 2, 2023, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.