ETV Bharat / state

বীৰ লাচিত সেনাৰ উদ্যোগত গঠন হ’ল নতুন ৰাজনৈতিক দল

author img

By

Published : Sep 1, 2020, 12:30 PM IST

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনাই নতুন দল গঠন কৰাৰ কথা ঘোষণা কৰে দলটোৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই ৷ আগন্তুক 10 দিনৰ ভিতৰত নাম ঘোষণা কৰা হ’ব দলটোৰ ৷

Veer Lachit Sena formed a new political party
বীৰ লাচিত সেনাৰ উদ্যোগত গঠন কৰা হ’ল নতুন ৰাজনৈতিক দল

যোৰহাট, 1 ছেপ্তেম্বৰঃ অসমৰ ৰাজনীতিত পুনৰ সংযোজিত হ’ল নতুন এটা ৰাজনৈতিক দল ৷ বীৰ লাচিত সেনাৰ উদ্যোগত গঠন কৰা হ’ল এই নতুন ৰাজনৈতিক দলটো ৷ সোমবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই ৷ আগন্তুক 10 দিনৰ ভিতৰত নাম ঘোষণা কৰা হ’ব দলটোৰ ৷ এই সন্দৰ্ভত ইতিমধ্যে এখন পৰামৰ্শ কমিটি গঠন কৰা হৈছে আৰু এই কমিটিখনেই ঠিৰাং কৰিব দলটোৰ নাম ৷

বীৰ লাচিত সেনাৰ উদ্যোগত গঠন হ’ল নতুন ৰাজনৈতিক দল

আনহাতে, সোমবাৰে এই সংবাদমেলতেই আন আন ৰাজনৈতিক দলসমূহকো ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায় শৃংখল চলিহাই ৷ ইতিমধ্যেই আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে আলোচনা হোৱাৰ কথা জানিবলৈ দিয়ে দলটোৰ সাংগঠনিক সম্পাদকগৰাকীয়ে ৷ আগন্তুক বিধনসভা নিৰ্বাচনত কংগ্ৰেছ, বিজেপি আৰু এ আই ডি এফক প্ৰত্যাহ্বান জনাব দলটোৱে ৷ আনহাতে, প্ৰত্যক্ষ ৰাজনীতিত নথকাৰ কথাও ব্যক্ত কৰে শৃংখল চলিহাই ৷

লগতে পঢ়ক-আজিৰে পৰা অনুষ্ঠিত হৈছে JEE (Main) পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.