ETV Bharat / state

ভোগদৈ নৈত ভয়ংকৰ পৰিৱৰ্তন: পানীত ওপঙিছে মাছ

author img

By

Published : Jun 29, 2021, 2:21 PM IST

ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ভোগদৈ নৈৰ অস্বাভাৱিক পৰিৱৰ্তন ৷ সাধাৰণতে বাৰিষা কালত নদীৰ পানী ঘোলা হৈ থাকে যদিও ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে ভোগদৈ নৈত ৷ হঠাৎ আইনাৰ দৰে ফটফটীয়া হৈ পৰিছে নৈখনৰ পানী ৷ নৈৰ বুকুত উপঙিছে মৃত মাছ ৷

unnatural changes in bhogdai rive
ভোগদৈ নদীত ভয়ংকৰ পৰিৱৰ্তন: বুকুত উপঙিছে মাছ

যোৰহাট, 29 জুন : চুবুৰীয়া ৰাজ্য নাগালেণ্ড (nagaland)ৰ পৰা বৈ অহা যোৰহাটৰ আয়ুস ৰেখা স্বৰূপ ভোগদৈ নৈত (bhogdoi river) ভয়ংকৰ পৰিৱৰ্তন ৷ ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নৈখনৰ এই অস্বাভাৱিক পৰিৱৰ্তন ৷ সাধাৰণতে বাৰিষা নৈৰ পানীত বোকা মিহলি হৈ ঘোলা হৈ থাকে ৷ কিন্তু তাৰ বিপৰীত ছবি দেখা গৈছে ভোগদৈ নৈত (bhogdoi river) ৷ হঠাৎ আইনাৰ দৰে ফটফটীয়া হৈ পৰিছে নৈৰ পানী ৷

লক্ষণীয়ভাৱে কিছুদিনৰ পূৰ্বে অৰ্থাৎ 4 জুনত নৈখনৰ বুকুত ওপঙি উঠিছিল হাজাৰ হাজাৰ মৃত মাছ ৷ এই ঘটনাৰ ঠিক দুদিন পাচতে চাফা হৈ পৰিছিল ভোগদৈ নৈৰ পানী ৷ তাৰ পাছত মৰিয়নীৰ কঠালগুৰী চাহ বাগিচা (Kathalguri tea garden) ৰ কতৃপক্ষই নৈখনৰ পানী সংগ্ৰহ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পৰীক্ষা কৰোৱাইছিল ৷ পৰীক্ষাৰ অন্তত 7 জুনত ভোগদৈ নৈৰ (bhogdoi river) পানীত মেগনেচিয়াম বৃদ্ধি আৰু পি এইচ ভেলু (PH value)ৰ পৰিমান কমি যোৱাৰ তথ্য প্ৰকাশ পাইছিল ৷

ইয়াৰ পিছত যোৰহাট জিলা প্ৰশাসনে পানীৰ নমুনা সংগ্ৰহ কৰি খোৱাৰ উপযোগী বুলি জনাইছিল যদিও পুনৰ নৈখনৰ পানী এতিয়া পূৰ্বৰ দৰে হোৱা পৰিলক্ষিত হৈছে । সোমবাৰ অৰ্থাৎ 28 জুনৰ সন্ধিয়া পৰা নৈখনৰ পানী পুনৰ আইনাৰ দৰে পৰিষ্কাৰ আৰু আঠাযুক্ত হোৱা পৰিলক্ষিত হৈছে ।

কিন্তু বৰ্তমানলৈকে যোৰহাট জিলা প্ৰশাসনে এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই । আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰাও এই সন্দৰ্ভত পুনৰ পৰীক্ষা কৰি কোনো তথ্য দিয়া নাই ৷ যাৰ ফলত এতিয়া ভোগদৈ নৈৰ পানীৰ এই অস্বাভাৱিক পৰিবৰ্তন প্ৰকৃততে প্ৰাকৃতিক নে আন কোনো কাৰণ আছে সঠিক উত্তৰ নাপাই চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ সোনকালে নৈখনৰ পানী পৰীক্ষা কৰি প্ৰকৃত কাৰণ কি প্ৰকাশ কৰিবলৈ বিভাগীয় কৰ্তপক্ষক দাবী জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: কলগাছিয়াৰ বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.