ETV Bharat / state

সাংসদ বিধায়কৰ সুমতি কামনাৰে মৰিয়নিত যজ্ঞ - চেলেং মাজনৈ চাহ বাগিছা

পুৰোহিতৰ মন্ত্ৰোচাৰণত মৰিয়নিত মুখৰিত হ’ল এক বিশেষ যজ্ঞস্থলী ৷ সাংসদ, বিধায়কৰ সুমতি কামনাৰে মৰিয়নিত ৰাইজে এক বিশেষ যজ্ঞৰ আয়োজন কৰি সাব্যস্ত কৰে প্ৰতিবাদ (Unique Protest at Mariani) ৷

সাংসদ বিধায়কৰ সুমতি কামনাৰে মৰিয়নিত যজ্ঞ

author img

By

Published : May 21, 2022, 5:17 PM IST

যোৰহাট, 21 মে’: মৰিয়নিত আয়োজন কৰা হৈছে এক বিশেষ যজ্ঞৰ । পুৰোহিতৰ মন্ত্ৰোচাৰণত মুখৰিত হৈছে যজ্ঞস্থলী । যজ্ঞত অংশগ্ৰহণ কৰিছে পুৰুষ, মহিলা, শিশুকে ধৰি বহু লোকে । এই যজ্ঞ কোনো অপায় অমংগল নাশ কৰিবলৈ বা ভগৱানক সন্তুষ্ট কৰিবলৈ নহয় । এই যজ্ঞ চলিছে দুজন জনপ্ৰতিনিধিৰ সুমতি অহাৰ কামনাৰে ।

মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ প্ৰতিচ্ছবি আঁৰি খোল, তাল বজাই নাম গাই ৰাইজে আয়োজন কৰিলে এই বিশেষ যজ্ঞৰ । শনিবাৰে পুৱাই এই যজ্ঞ চলিল যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নিৰ চেলেং মাজনৈ চাহ বাগিচাত (Unique Protest at Mariani) ।

সাংসদ বিধায়কৰ সুমতি কামনাৰে মৰিয়নিত যজ্ঞ

বাগিচাখনৰ জৰাজীৰ্ণ পথ নিৰ্মানৰ বাবে মন্ত্ৰী-বিধায়ক তথা সাংসদক আৱেদন নিবেদন কৰি ভাগৰি পৰা ৰাইজে অৱশেষত গ্ৰহণ কৰে এই অভিনৱ পন্থা । চেলেং মাজনৈ চাহ বাগিছাৰ মূলপথ আৰু উপ-পথসমূহ দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকাত বাগিছাখনৰ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগিব লগাত পৰিছে ।

পথৰ এই দুৰৱস্থাৰ বাবে বাগিচাখনলৈ নাহে কোনো ধৰণৰ বাহন । আনকি জৰুৰীকালীন অৱস্থাত প্ৰসূতি বা ৰোগীক বাগিচাখনৰ ৰাইজে চাঙি কৰি বা ডাংকোলা কৰি নিব লাগে । কিছু দিন পূৰ্বে জৰাজীৰ্ণ পথৰ বাবে বাগিচাখনলৈ 108 সেৱাৰ এম্বুলেন্স যাব নোৱাৰাৰ বাবে সময়ত চিকিৎসালয় গৈ পোৱা নাছিল বিৰু পানতাঁতী (28) ৷ যাৰ ফলত কৰুণ মৃত্যুক সাৱতি ল'ব লগা হৈছিল বিৰু তাঁতীয়ে ।

মৃত্যু হোৱা যুৱকজনৰ পিতৃয়ে পুত্ৰৰ প্ৰতিচ্ছবি হাতত লৈ প্ৰতিবাদস্থলীত উপস্থিত থাকি তীব্ৰ ক্ষোভ উজাৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে । আনকি পুত্ৰৰ আদ্যশ্ৰাদ্ধলৈ বিধায়ক ৰূপজ্যোতিক তামোল পান দি নিমন্ত্ৰণ জনাইছিল যদিও সেই স্থানলৈ আহিবলৈ সৎ সাহস নকৰিলে বুলি উল্লেখ কৰে পাৰ্থ পানতাঁতী নামৰ লোকজনে ।

আনহাতে, পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিনে ভুগি অহা যন্ত্ৰনাৰ পৰা মুক্তি পাবলৈ বাগিচাখনৰ ৰাইজে অৱশেষত যজ্ঞ পাতি চৰকাৰখনৰ লগতে সাংসদ, মন্ত্ৰী, বিধায়কৰ সুমতি কামনাৰে এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : বানত মৃত্যু হোৱা লোকৰ সংখ্যা 14লৈ বৃদ্ধি: আঠ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.