ETV Bharat / state

টীয়কৰ এজাৰগুৰিবাসীৰ বাবে বিকাশ কেৱল এঠা সপোনহে

এখন পকী দলঙৰ সপোন দেখুৱাই ৰাজনৈতিক নেতা-পালিনেতা নিৰ্বাচনৰ সময়ত প্ৰায়ে এজাৰগুৰি পাইগৈ ৷ নিৰ্বাচন যায় আৰু আহে কিন্তু এজাৰগুৰি যেন আগৰ গতিতে থাকে ৷ নতুন প্ৰতিনিধিক লৈ আশাবাদী গাঁওবাসী ৷

বিকাশ কেৱল সপোন টীয়কৰ এজাৰগুৰিবাসীৰ বাবে
author img

By

Published : Jun 3, 2019, 9:37 AM IST

টীয়ক, 03 জুন : উন্নয়ন আৰু বিকাশ, এজাৰগুৰিবাসীৰ বাবে এটা বৃহৎ স্বপ্ন মাথো ৷ যোৰহাট জিলাৰ এজাৰগুৰিবাসীয়ে প্ৰতি বৰ্ষৰ দৰে এইবেলিও খৰালি ইপাৰ সিপাৰ হ'বলৈ এখন বাঁহৰ দলং সাজি লৈছিল ৷ কিন্তু বাৰিষাৰ আগমনৰ লগে লগে জাঁজীৰ প্ৰৱল সোঁতত উটি-ভাঁহি গ'ল দলঙখন ৷

বিকাশ কেৱল সপোন টীয়কৰ এজাৰগুৰিবাসীৰ বাবে

এতিয়া গাঁওবাসীৰ বাবে যাতায়তৰ সম্বল মাথো এখন টুলুঙা নাঁও ৷ বিপদ সংকুলভাৱে বাৰিষা নাৱেৰে যাত্ৰা কৰা জনতাই অতি শংকাৰ মাজেৰে দুৰ্দশাময় পৰিস্থিতিৰে জীৱন কটাবলগীয়া হৈছে ৷ ইপিনে দুখ আৰু ক্ষোভেৰে জৰ্জৰিত জনতাৰ আৰ্তনাদ শুনিবলৈ জনপ্ৰতিনিধিৰ আহৰি নোহোৱাৰ অভিযোগ গাঁওবাসীৰ ৷ স্বাধীনতাৰ 72টা বছৰৰ পাচতো যোগাযোগ ব্যৱস্থাৰ একো উন্নতি নোহোৱাত ক্ষোভ আৰু অভিমানত আৱেগিক হৈ পৰা জনতাৰ আৰ্তনাদ সময়ে সময়ে সংবাদ মাধ্যমে প্ৰচাৰ কৰি আহিছে যদিও আজি পৰ্যন্ত ৰজাঘৰীয়াৰ গুৰুত্ব নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে অলপতে যোৰহাট লোকসভা সমষ্টিত নতুনকৈ সাংসদ নিৰ্বাচিত হৈছে ৷ সেয়ে এইবাৰ কিবা এটা হোৱাৰ আশা দেখিছে গাঁওবাসীয়ে ৷

Intro:Body:টীয়কৰ এজাৰগুৰিবাসীয়ে এখন দলং সাজি লৈছিল , আজি সেই দলংখনো নাই/নতুন প্ৰতিনিধিক লৈ আশাবাদী গাঁৱবাসী
TEOK:বিকাশ শব্দটো কেৱল শুনিহে আছে এজাৰগুৰিবাসীয়ে ৷ কোনোদিন দেখা নাই বিকাশৰ ছবি ৷ উন্নয়ন তথা বিকাশ এজাৰগুৰিবাসীৰ বাবে এটা বৃহৎ স্বপ্ন মাথোন ৷ যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ এজাৰগুৰিৰ সমস্যা বছৰ বছৰ ধৰি সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোনাম হোৱাৰ বাদে একোৱেই নহয় ৷ এখন পকী দলংৰ সপোন দেখুওৱাই ৰাজনৈতিক নেতা -পালিনেতা নিৰ্বাচনৰ সময়ত প্ৰায়ে এজাৰগুৰি পাইগৈ ৷ নিৰ্বাচন যাই আৰু এজাৰগুৰি যেন আগৰ গতিতে থাকে ৷প্ৰতি বছৰৰ দৰে এইবাৰো খৰালি ইপাৰ সিপাৰ হ'বলৈ সাঁজি লৈছিল গাঁওবাসীয়ে এখন বাঁহৰ দলং ৷কিন্তু বাৰিষাৰ আগমণৰ লগে লগে জাঁজীৰ প্ৰৱল সুঁতত উটি ভাঙি গ'ল দলংখন৷ এতিয়া যাতায়তৰ সম্বল এখন টুলুঙা নাঁও ৷ দুখ আৰু ক্ষোভেৰে জৰ্জড়িত জনতাৰ আৰ্তনাদ শুনিবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷ অলপতে যোৰহাট লোকসভা সমষ্টিত নতুনকৈ সাংসদ নিৰ্বাচিত হৈছে ৷ এইবাৰ কিবা এটা হোৱাৰ আশা দেখিছে গাঁওবাসীয়ে৷
স্বাধীনোত্তৰ কালৰ ৭৩ বছৰৰ পাছতো যোগাযোগ ব্যৱস্থাৰ একো উন্নতি নোহোৱাত দুখ অভিমানে আৱেগিক হৈ পৰা জনতাৰ আৰ্তনাদ সময়ে সময়ে সংবাদ মাধ্যমে প্ৰচাৰ কৰি আহিছে যদিও আজি পৰ্যন্ত গুৰুত্ব নাই ৰজাঘৰীয়াৰ ৷ অতি বিপদসংকুলভাৱে বাৰিষা নাঁওেৰে যাত্ৰা কৰা জনতাই অতি শংকাৰ মাজেৰে দুৰ্দশাময় পৰিস্থিতিৰে জীৱন কটাবলগীয়া হৈছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.