ETV Bharat / state

নিমাতী ঘাটত বিদেশী পৰ্যটকৰ মৃত্যু, পুনৰ বিতৰ্কত JMCH - বিতৰ্কিত যোৰহাট চিকিৎসা মহাবিদ্যালয়

পৰ্যটকৰ মৃতদেহকলৈ বিপাঙত যোৰহাট চিকিৎসা মহাবিদ্যালয় ৷ এগৰাকী পৰ্যটকৰ মৃত্যুৱে উদঙালে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ ৷ পুনৰ সংবাদ শীৰ্ষত বহু বিতৰ্কিত যোৰহাট চিকিৎসা মহাবিদ্যালয় ৷

নিমাতী ঘাটত বিদেশী পৰ্যটকৰ মৃত্যু
নিমাতী ঘাটত বিদেশী পৰ্যটকৰ মৃত্যু
author img

By

Published : Feb 3, 2020, 9:09 PM IST

যোৰহাট, 3 ফেব্ৰুৱাৰীঃ যোৰহাট চহৰৰ নিমাতী ঘাটত বিদেশী পৰ্যটকৰ মৃত্যু ৷ 31 জানুৱাৰীৰ পুৱাই চৰাইদেউ নামৰ পৰ্যটক ফেৰীখনত উদ্ধাৰ হয় গ্ৰেট ব্ৰিটেইনৰ নিউকেচলৰ ৮৩ বছৰীয়া এলিষ্টাৰ নীল মেকডনাল্ডৰ মৃতদেহ ৷ মাজুলী ভ্ৰমণলৈ আহিছিল পৰ্যটকগৰাকী ৷ বাৰ্ধক্যজনিত কাৰণতেই লোকজনে হঠাৎ মৃত্যুক আঁকোৱালি লোৱাৰ সন্দেহ সহযোগী তথা স্থানীয় লোকৰ ৷

কিন্তু নীল মেকডনাল্ডৰ মৃতদেহকলৈ এতিয়া বিমোৰত পৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ ৷ কিয়নো মেকডনাল্ডৰ মৃতদেহ চমজি ল’বৰ বাবে কোনো লোক নথকাত বৰ্তমানেও মৰণোত্তৰ পৰীক্ষা কৰিব পৰা হোৱা নাই মৃত লোকজনৰ ৷ আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অভাৱ মৃতদেহ ৰখাৰ বাবে উপযুক্ত ক'ল্ড ষ্ট'ৰেজ (শীত তাপ)ৰূমৰ ৷ যিটো ক'ল্ড ষ্ট'ৰেজ আছে তাৰো এয়াৰ কুলাৰ বিকল হৈ থকাত সেইয়া থকা নথকা প্ৰায় সমান হৈছে ৷

পুনৰ বিতৰ্কত JMCH

এতিয়া ৰাজ্যৰ এখন অগ্ৰণী জিলাত অৱস্থিত চিকিৎসা মহাবিদ্যালয়ৰ এনে পুতৌলগা অৱস্থাই বাৰে বাৰে ভেঙুচালি কৰিছে কাগজে-কলমে অত্যাধুনিক অসমৰ স্বাস্থ্য খণ্ডক ৷

এতিয়া প্ৰশ্ন উত্থাপন হৈছে মঞ্চত ভাষণ দি গগন কঁপোৱা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উন্নত পৰ্যায়লৈ লৈ যাব পাৰিব নে সঘনাই বিতৰ্কত সোমাই পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়খনক সেইয়া হে লক্ষ্যণীয় হ’ব ৷

Intro:নিমাতী ঘটত বিদেশী পৰ্যটকৰ মৃত্যু। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক'ল্ড ষ্ট'ৰেজৰ অভাবত মৃতদেহ লৈ হাঁহাকাৰ*
Body:*নিমাতী ঘটত বিদেশী পৰ্যটকৰ মৃত্যু। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক'ল্ড ষ্ট'ৰেজৰ অভাবত মৃতদেহ লৈ হাঁহাকাৰ*

যোৰহাটৰ নিমাতীত ইউনাইটেড কিংডমৰ নিউকেচলৰ এজন ব্যক্তি নিহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 31 জানুৱাৰী পুৱা চৰাইদেউ নামৰ এখন পৰ্য্যাতক ফেৰীতে মৃত্যু ঘটে ব্যক্তিজনৰ। ব্যক্তিজন হৈছে ৮৩ বছৰীয়া এলিষ্টাৰ নীল মেকডনাল্ড। ঘটনাৰ বিবৰণি অনুসৰি পুৱা হঠাৎ অসুস্থ হৈ পৰে এলিষ্টাৰ আৰু পিচত মৃত্যুক আঁকোৱালি লয় বৃটিছ নাগৰিকজনে। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। এটা দলৰ সৈতে পৰ্যাতক ৰূপে মাজুলী ভ্ৰমণলৈ আহিছিল ব্যক্তিজন। ইফালে পৰ্যাতকজনৰ মৃতদেহ লৈ এতিয়া বিমোৰত পৰিছে পৰ্য্যাতকৰ দলতো। মৃত পৰ্য্যাতকজনৰ মৃতদেহ চমজি লবৰ বাবে কোনো লোক নথকাত বৰ্তমানেও মৰোনোত্তৰ পৰীক্ষা কৰিব পৰা হোৱা নাই এলিষ্টাৰৰ মৃতদেহ। ইফালে এই ঘটনাই উদঙাই দিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ফোপোলা স্বৰূপ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃতদেহ ৰখা ক'ল্ড ষ্ট'ৰেজৰ এ চি বিকল হৈ থকাৰ বাবে মৃতদেহ সংৰক্ষণ কৰাক লৈ বিবুধিত পৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ।
Conclusion:আনহাতে বাৰ্ধক্যজনিত কাৰণত এলিষ্টাৰৰ মৃত্যু ঘটিছে বুলি সন্দেহ কৰা হৈছে যদিও মৰোনোত্তৰ পৰীক্ষাৰ পিচতহে বৃটিছ নাগৰিকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.