ETV Bharat / state

লক্ ডাউনৰ মাজতে দুহেজাৰটা বাঁহী নিৰ্মাণ যোৰহাটৰ পাৰ্থপ্ৰতিমৰ

লক্ ডাউনৰ মাজতে যোৰহাটৰ ২ নং সোণাৰি গাঁৱৰ পাৰ্থ প্ৰতিম নেওগে নিৰ্মাণ কৰিছে প্ৰায় দুহেজাৰ বাঁহী ৷ সাধাৰণ বাঁহীবোৰৰ লগতে যুৱকজনে দুটা বিশেষ বাঁহীও সাজি উলিয়াইছে ৷ বাঁহী দুটাৰ দৈৰ্ঘ্য 12 ফুটৰ পৰা 14 ফুট ৷ একেলগে 4 জন আৰু পাঁচজন লোকে বজাব পাৰি এই দুটা বিশেষ বাঁহী ৷ পাৰ্থ প্ৰতিমে নিৰ্মাণ কৰিছে পেঁপা, টকা, সুতুলী, গগণা আদি বিহুত ব্যৱহৃত বিভিন্ন বাদ্য ৷ মহ'ৰ শিঙৰ লগতে ছাগলীৰ শিং আৰু প্লাষ্টিকৰ বটলৰ দ্বাৰাও পেঁপা নিৰ্মাণ কৰিছে যুৱকজনে ৷

author img

By

Published : Aug 11, 2020, 9:23 PM IST

thousands flute made at lockdown
thousands flute made at lockdown

যোৰহাট, 11 আগষ্ট : থলুৱা বাদ্য নিৰ্মাণেৰে অভিলেখৰ লগতে জীৱিকাৰ সন্ধান এগৰাকী যুৱকৰ ৷ যোৰহাটৰ ২ নং সোণাৰি গাঁৱৰ পাৰ্থ প্ৰতিম নেওগে লক্ ডাউনৰ মাজতে প্ৰয়াস কৰিছে বিভিন্ন ধৰণৰ লোক বাদ্য নিৰ্মাণৰ ৷ দহ হেজাৰ লোক বাঁহী নিৰ্মাণৰ লক্ষ্য পাৰ্থ প্ৰতিমৰ ৷ ইতিমধ্যে যুৱকজনে নিৰ্মাণ কৰিছে প্ৰায় দুহেজাৰটা বিভিন্ন স্কেলৰ বাঁহী ৷ লক্ ডাউনৰ মাজতেই এই সমূহ বাঁহী নিৰ্মাণ কৰিছে যুৱকজনে ৷ সাধাৰণ বাঁহীবোৰৰ লগতে যুৱকজনে দুটা বিশেষ বাঁহীও সাজি উলিয়াইছে ৷ বাঁহী দুটাৰ দৈৰ্ঘ্য 12 ফুটৰ পৰা 14 ফুট ৷ একেলগে 4 জন আৰু পাঁচজন লোকে বজাব পাৰি এই দুটা বিশেষ বাঁহী ৷

thousands flute made at lockdown
দহ হেজাৰ বাঁহী নিৰ্মাণৰ লক্ষ্য

কেৱল বাঁহীয়েই নহয়, পাৰ্থ প্ৰতিমে নিৰ্মাণ কৰিছে পেঁপা, টকা, সুতুলী, গগণা আদি বিহুত ব্যৱহৃত বিভিন্ন বাদ্য ৷ মহ'ৰ শিঙৰ লগতে ছাগলীৰ শিং আৰু প্লাষ্টিকৰ বটলৰ দ্বাৰাও পেঁপা নিৰ্মাণ কৰিছে যুৱকজনে ৷ অসমত মহ'ৰ শিং পৰ্যাপ্ত পৰিমাণে পোৱা নাযায়, বহিঃৰাজ্যৰ পৰা ম’হৰ শিং আনিবলৈও চৰকাৰে সম্পূৰ্ণ অনুমতি নিদিয়াৰ পৰিপ্ৰেক্ষিটত উপলব্ধ ম’হৰ শিঙৰ পেঁপাৰ মূল্য অত্যাধিক হোৱা দেখা যায় ৷

thousands flute made at lockdown
বাঁহী নিৰ্মাণত ব্যস্ত পাৰ্থ প্ৰতিম নেওগ

যাৰ বাবে ন-শিকাৰু অথবা আৰ্থিকভাৱে কিছু দুৰ্বল শিল্পীৰ বাবে ম’হৰ শিঙৰ পেঁপা ক্ৰয় কৰাতো সম্ভৱপৰ হৈ নুঠে ৷ তেনে শিকাৰুৰ বাবে ছাগলীৰ শিং আৰু বাঁহৰ পেঁপা নিৰ্মাণ কৰি উলিয়াইছে পাৰ্থপ্ৰতিমে ৷

বাঁহী নিৰ্মাণেৰে অভিলেখ ৰচাৰ প্ৰয়াস পাৰ্থপ্ৰতিমৰ

কৰুণা মহামাৰীৰ বাবে হোৱা দীঘলীয়া লক্ ডাউত বহুতৰ জীৱন জীৱিকা স্তব্ধ হৈ গ’ল । বহুতেই জীৱিকা হেৰুৱালে, হাজাৰ হাজাৰ লোক কৰ্মহীন হ’ল । তাৰ মাজতেই সুদক্ষ বিহুৱা পাৰ্থ প্ৰতিম নেওগে লক্ ডাউনৰ মাজতে সাজি উলিয়াইছে এই বাদ্য-যন্ত্ৰসমূহ ৷ আনকালে বিহুৰ সময়ত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিহুমাৰি ফুৰা বিহুৱা গৰাকীৰ উপাৰ্জন বন্ধ হৈ পৰিল কৰ’ণা কালত ৷ যাৰ বাবে বিপল্প পথ হিচাপে লোক বাদ্য নিৰ্মাণত জড়িত হ’ল তেওঁ ৷ এই নতুন ধাৰাৰ দ্বাৰা উপাৰ্জনৰ পথ মোকোলোৱাৰ লগতে অভিলেখ গঢ়াৰ বাবেও মনস্থ কৰিছে পাৰ্থপ্ৰতীমে ৷

লগতে পঢ়ক : 2012 চনতে স্থাপন কৰা পানী যোগান আঁচনিৰ কাম আজিও সম্পূৰ্ণ নহ’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.