যোৰহাট, 25 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ প্ৰতিদিনে বৃদ্ধি পোৱা কোভিড-19 আক্ৰান্তৰ সংখ্যাই স্বাভাৱিকতেই আতংকিত কৰিছে ৰাজ্যবাসীক ৷ কিন্তু তাৰ মাজতেই ৰাজ্যবাসীলৈ আহিছে এটা সু-খবৰ ৷ চিকিৎসাৰ অন্তত সুস্থ শৰীৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে দুজনকৈ কোভিড আক্ৰান্ত ৰোগীক ৷ সোমবাৰে যোৰহাট জিলা প্ৰশাসনে মুকলি কৰি দিয়া লোক দুজন হৈছে শিৱসাগৰ জিলাৰ আব্দুল ছেমিম আৰু তেওঁৰ 9 বছৰীয়া ভাগিন ৷ এই খবৰে এতিয়া শিৱসাগৰ জিলাৰ লগতে ৰাজ্যবাসীৰ মনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ৷
উল্লেখ্য যে, বিগত মাহত দিল্লীত অধ্যয়ন কৰা আব্দুল ছেমিমৰ ওচৰলৈ ফুৰিবলৈ গৈ আৱদ্ধ হৈ পৰিছিল পৰিয়ালৰ লোক ৷ ইয়াৰ পাছত বিশেষ বাহনৰ যোগেদি আহি অসমত উপস্থিত হোৱাৰ পাছত যোৰহাটৰ এখন হোটেলত কোৱাৰেন্টাইনত ৰখা হৈছিল আব্দুল ছেমিমৰ লগতে পৰিয়ালক ৷ হোটেলত থকা অৱস্থাতে আব্দুল ছেমিম আৰু তেঁওৰ 9 বছৰীয়া ভাগিনৰ দেহত ধৰা পৰিছিল কোভিড-19 ৰ অৱস্থিতি ৷ ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা হৈছিল আব্দুল ছেমিমসহ তেঁওৰ ভাগিনীয়েকক ৷ চিকিৎসাৰ অন্তত দুয়ো সম্পূৰ্ণ সুস্থ হৈ উঠাত সোমবাৰে দুয়োকে হাস্পতালৰ পৰা মুকলি কৰি দিয়ে যোৰহাট জিলা প্ৰশাসনে ৷ মুকলিৰ সময়ছোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা কৰ্মী সকলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে আব্দুল ছেমিম ৷ উল্লেখযোগ্য যে, বৰ্তমানলৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে চাৰিগৰাকী লোক ৷
লগতে পঢ়কঃ আদৰ্শ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হ'ব জাগীৰোড কাগজ কল চিকিৎসালয়ক