ETV Bharat / state

কোৱাৰেণ্টাইনত থকা পৰিয়ালক সহায়ৰ হাত টীয়কৰ তুষাৰ পালৰ - MARIYANI

কৰ'ণাৰ জটিল পৰিস্থিতিৰ মাজত একাংশ লোকে মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে । কণ্টেইনমেন্ট জ'ন আৰু কোৱাৰেণ্টাইনত থকা পৰিয়ালৰ ওচৰত থিয় দিছে লোকসকলে । টীয়কৰ চেলেংহাটৰ সমাজকৰ্মী তুষাৰ পালেও সহায়ত হাত আগবঢ়াইছে ।

TUSHAR PAL OF TEOK
কোৱাৰেণ্টাইনত থকা পৰিয়ালক সহায়ৰ হাত টীয়কৰ তুষাৰ পালৰ
author img

By

Published : May 23, 2021, 3:00 PM IST

টীয়ক, ২৩ মে': অসমৰ চহৰাঞ্চলৰ সমান্তৰালকৈ গ্ৰামাঞ্চল তথা চাহ বাগিচাসমূহত কৰ'ণাৰ সংক্ৰমণে জটিল ৰূপ লৈছে । যাৰ বাবে বহু পৰিয়াল হোম কোৱাৰেণ্টাইনত থাকিব লগীয়া হৈছে । কিন্তু এই সময়ত সেই পৰিয়ালবোৰে খাদ্য সংকটকে ধৰি বিভিন্ন সমস্যাত পৰা দেখা গৈছে ।

যোৰহাট জিলাৰ টীয়কৰ বিভিন্ন অঞ্চলতো বহু লোক হোম কোৱাৰেণ্টাইনত আছে । কিন্তু সেই লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে তুষাৰ পাল নামৰ এগৰাকী সমাজকৰ্মী । টীয়কৰ চেলেংহাটৰ সমাজকৰ্মী তুষাৰ পালে হোম কোৱাৰেন্টাইনত থকা টীয়ক আৰু মৰিয়নি সমষ্টিৰ কেইবাটাও পৰিয়ালক নিজৰ উপাৰ্জনৰ ধন খৰছ কৰি সাধ্য অনুসৰি খাদ্য সামগ্ৰী আৰু মাস্ক-চেনিটাইজাৰ আদি যোগান ধৰিছে ।

লগতে হোম কোৱাৰেণ্টাইনত থকা কোনো পৰিয়ালে যদি অসুবিধাত পৰে অতি শীঘ্ৰে তেওঁৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । ব্যক্তিগৰাকীৰ এনে পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক:বজাৰ নাই : খেতিতে গেলিছে বিঘাই বিঘাই তৰমুজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.