ETV Bharat / state

যোৰহাটত হাঁহ-কুকুৰা পালনৰ বিশেষ প্ৰশিক্ষণ

author img

By

Published : Sep 7, 2021, 1:03 PM IST

বৰ্তমান বজাৰত হাঁহ-কুকুৰাৰ যথেষ্ট চাহিদা আছে । সেয়ে হাঁহ-কুকুৰা পালনেৰে বহু লোক স্বাৱলম্বী হ'ব পাৰে । নৱ-প্ৰজন্মক হাঁহ-কুকুৰা পালনৰ ক্ষেত্ৰত আগ্ৰহী আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

Poultry Training Camp
যোৰহাটত হাঁহ কুকুৰা পালনৰ বিশেষ প্ৰশিক্ষণ

যোৰহাট, ৭ ছেপ্তেম্বৰ : যোৰহাট জিলা প্ৰশাসন লগতে জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যৌথ উদ্যোগত বিশেষ কাৰ্যসূচী । সোমবাৰৰ পৰা জিলাখনৰ বাঘচোং পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত হাঁহ-কুকুৰা পালন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ হয় ৷ ক'ভিড-১৯ (Covid) মহামাৰীৰ ফলত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈ পৰা যুৱক-যুৱতীসকলৰ স্বাৱলম্বনৰ পথ মুকলি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে ৷

প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰনোজ পেগু (Dr Ranoj Pegu) ৷ অনুষ্ঠানটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে প্ৰশাসন আৰু পশুচিকিৎসা বিভাগৰ এনে পদক্ষেপক প্ৰশংসা কৰাৰ লগতে প্ৰশিক্ষণত অংশ লোৱা যুৱক-যুৱতী তথা অন্যান্য প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান বজাৰত হাঁহ-কুকুৰাৰ চাহিদা বহুত বেছি,গতিকে হাঁহ-কুকুৰা পালনেৰে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ সপোন পূৰণ কৰাৰো থল আছে ৷ উদ্বোধনী অনুষ্ঠানটো পৰিচালনা কৰে জিলা পশু চিকিৎসা বিষয়া ডাঃ ভূপেন দাসে ৷ ৬ ছেপ্তেম্বৰৰ পৰা ১১ ছেপ্তেম্বৰলৈকে চলিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ ১৮০ গৰাকী লোকক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।

অৱশ্যে পৰৱৰ্তী সময়তো এনে কাৰ্যসূচী হাতত লোৱাৰ পৰিকল্পনা আছে বুলি ডাঃ দাসে জানিবলৈ দিয়ে ৷ প্ৰশিক্ষণ কাৰ্যসূচীত তিতাবৰ মহকুমা পশু চিকিৎসা বিষয়া ডাঃ ৰঞ্জিত গগৈ আৰু বাঘচোং খণ্ড পশু চিকিৎসা বিষয়া সীমান্ত গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰে ৷ উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ, সদৰ মহকুমাধিপতি আকাশী দুৱৰা, পশু চিকিৎসা বিষয়া ডাঃ ৰঞ্জন পাটৰ, বাঘচোঙস্থিত জিলা মুৰ্গী ফাৰ্মৰ মেনেজাৰ চাৰোৱাৰ ছাদেৰৰ লগতে জিলা প্ৰশাসন, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : হাঁহ পালনেৰে জীৱিকাৰ পথ মোকলাইছে এগৰাকী সাংবাদিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.