ETV Bharat / state

যোৰহাটত একেলগে জ্বলিল তিনিখনকৈ চিতা

author img

By

Published : Jan 6, 2021, 2:32 PM IST

যোৰহাটৰ চিৰতীয়া গাঁৱত একেলগে জ্বলিল তিনিখনকৈ চিতা ৷ নেলীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল একেখন গাঁৱৰে কাৰ্তিক শৰ্মা,বিজয় শৰ্মা,প্ৰকাশ শৰ্মা বৰদলৈ নামৰ তিনিজনকৈ যুৱকে ৷

tragic-situation-at-jorhat
যোৰহাটত একেলগে জ্বলিল তিনিখনকৈ চিতা

যোৰহাট,6জানুৱাৰী : যোৰহাটৰ চিৰতীয়া গাঁৱত মঙলবাৰে নিশা একেলগে জ্বলিল তিনিখনকৈ চিতা ৷ ঘটনাৰ বিৱৰণ অনুসৰি, সোমবাৰে পুৱা কাৰ্তিক শৰ্মা নামৰ এগৰাকী ব্যক্তিক চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ গৈছিল ভাতৃ বিজয় শৰ্মাই ৷ তেওঁলোকৰ লগত একেখন গাঁৱৰে প্ৰকাশ শৰ্মা বৰদলৈ নামৰ আন এজন যুৱকো গৈছিল গুৱাহাটীলৈ ৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে কঢ়িয়াই নিলে তিনিওজনৰে প্ৰাণ। ঘৰলৈ ঘূৰি আহিল কেৱল তিনিওৰে নিথৰ দেহ ৷

যোৰহাটত একেলগে জ্বলিল তিনিখনকৈ চিতা

নেলীত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বিজয় শৰ্মা আৰু কাৰ্তিক শৰ্মা । তদুপৰি সংকটজনক অৱস্থাত গুৱাহাটীলৈ লৈ যোৱাৰ সময়তে মৃত্যু হয় প্ৰকাশ শৰ্মা বৰদলৈ নামৰ যুৱকজনৰো ৷ আনহাতে,মঙলবাৰে নিশা তিনিওৰে নশ্বৰ দেহ চিৰতীয়া গাঁৱত আহি পোৱাৰ লগে লগে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷ গাঁৱৰ ৰাজহুৱা শ্মশানত তিনিওৰে মৃতদেহ সৎকাৰ কৰা হয় ।

লগতে পঢ়কঃ গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.