তিতাবৰ,14 মাৰ্চঃ দেওবাৰে তিতাবৰৰ বৰহোলাত কংগ্ৰেছে নিৰ্বাচনী ৰণডংকা বজোৱা দেখা যায় ৷ তৰুণ গগৈৰ অনুপস্থিতিত এইবাৰ নিৰ্বাচন জটিল হ’ব । এই নিৰ্বাচন হ’ব তৰুণ গগৈৰ আদৰ্শ নিৰ্বাচন ৷ দলটোক আগুৱাই নিবলৈ হ’লে ভাস্কৰজ্যোতি বৰুৱাই অকলে আগবাঢ়ি যাব নোৱাৰে । আগুৱাই নিবলৈ হ’লে সকলোকে লাগিব- এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷
একেদৰে পুনৰ সূতাৰ কথা ক’বলৈ গৈ গৌৰৱ গগৈয়ে আগতে সূতা বিনামূলীয়াকৈ পাইছিল এতিয়া মহিলাই সূতা নাপাই বুলি প্ৰকাশ কৰে । পৰিৱৰ্তন হৈছে ধনী মানুহৰ আৰু দুখীয়া মানুহ দুখীয়া হৈয়ে আছে । মাজনী, মামণি, নবৌ আঁচনি ক’ত গ’ল বুলি বিজেপিক প্ৰশ্ন কৰে গগৈয়ে ৷
একেদৰে কংগ্ৰেছে পাঁচটা গেৰাণ্টিৰ ভিতৰত গৃহিণীক ২০০০ টকা দিব, ২০০ ইউনিট বিনামূলীয়া বিদ্যুত প্ৰদান কৰিব কংগ্ৰেছে, কংগ্ৰেছ চৰকাৰ আহিলে ৫ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান, CAA বাতিলৰ গেৰাণ্টি দিয়াৰ লগতে ৩৬৫ টকা চাহ শ্ৰমিকক মজুৰি দিয়াৰ গেৰাণ্টি প্ৰদান কৰিছে কংগ্ৰেছে ।
লগতে পঢ়কঃ কোনে স্থান পালে বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকাত...