যোৰহাট,28 আগষ্ট: তিতাবৰ বিজেপিত মোক্ষম আঘাত ৷ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিলে তিতাবৰ পৌৰসভাৰ দুজন ৱাৰ্ড সদস্যই ৷ ফলত কংগ্ৰেছৰ দখললৈ তিতাবৰ পৌৰসভা ৷ বিজেপিৰ দখলত থকা পৌৰসভাখনৰ ৱাৰ্ড সদস্য ৰাজীৱ দত্ত আৰু ৱাৰ্ড সদস্যা ৰূপা চুতীয়া লাহনে বিজেপিৰ পৰা পদত্যাগ কৰে ৷ দেওবাৰে যোৰহাটত দুই ৱাৰ্ড সদস্যই আনুষ্ঠানিক ভাৱে কংগ্ৰেছত যোগদানৰ পাচতে সলনি হৈ পৰে পৌৰসভাখনৰ সমীকৰণ ।
দুই ৱাৰ্ড সদস্যই কংগ্ৰেছত যোগদান কৰা পাচতে কংগ্ৰেছ দলে পৰৱৰ্তী তিতাবৰ পৌৰসভা গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰে । উল্লেখ যে তিতাবৰ পৌৰসভাৰ 10 টা ৱাৰ্ডৰ ভিতৰত 6 টা আছিল বিজেপৰ আৰু কংগ্ৰেছৰ আছিল 4 গৰাকী সদস্য ৷ এতিয়া নতুন সমীকৰণ মতে কংগ্ৰেছৰ সদস্য 6 গৰাকীৰ বিপৰীতে বিজেপিৰ 4 গৰাকী ৱাৰ্ড সদস্য ।
আনহাতে দুই বিজেপি ত্যাগী ৱাৰ্ড সদস্যৰ বিস্ফোৰক অভিযোগ, ’’যোৰহাট বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ বাবে তিতাবৰ পৌৰসভাত চলি আহিছে কমিচন ৰাজ । বিজেপিৰ নিৰ্দিষ্ট আদৰ্শ আছে বুলি কয় কিন্তু একো আদৰ্শ নাই ৷ পুৰণি বিজেপি কৰ্মীয়ে গুৰুত্ব নাপায় ৷ কেৱল নতুন কৰ্মীৰ দপদপনি চলে বিজেপিত ৷ আমি এই বিলাক অভিযোগক শীৰ্ষ নেতৃত্বক অৱগত কৰিলেও একো গুৰুত্ব নিদিয়ে ৷ বিজেপি নেতাই এতিয়া চাকৰীৰ নামত কেনেকৈ ধন সংগ্ৰহ কৰিছে সকলোৱে জানে ৷ এতিয়া তৃণমূল পৰ্যায়ত বিজেপিৰ বিদ্ৰোহ আৰম্ভ হৈছে ৷ কোনেও কাৰো কথা নুশুনে ৷ ইজনে সিজনলৈ দোষ ঠেলে ৷ কোনো কাৰণতে সমস্যা সমাধানৰ বাবে আগ্ৰহ প্ৰকাশ নকৰিলে ৷ এতিয়া সকলোৱে পৰিৱৰ্তন বিচাৰিছে ৷’’