যোৰহাট, ১৪ মাৰ্চ : অপৰাধীৰ সন্ধানৰ নামত মন্দিৰত জোতা পিন্ধি প্ৰৱেশ কৰি ধৰ্মীয় অনুভূতিত আঘাত হনাৰ লগতে নিৰীহ লোকক প্ৰহাৰ কৰাৰ অপৰাধত অৱশেষত শাস্তিৰ সন্মুখীন হ’ব লগীয়া হ’ল এগৰাকী ডি এছ পিসহ চাৰি আৰক্ষীৰ লোক । নিৰীহৰ ওপৰত অত্যাচাৰ চলোৱা যোৰহাট আৰক্ষীৰ শীৰ্ষ বিষয়া তথা জোৱানৰ বিৰুদ্ধে অৱশেষত কঠোৰ হ’ল অসম আৰক্ষীৰ শীৰ্ষ মহল (Barbarism of Jorhat Police update) ।
যোৰহাটৰ তৰাজান পূজা মন্দিৰত নিশা প্ৰৱেশ কৰি নিৰীহক অত্যাচাৰ কৰাৰ শাস্তি হিচাপে অৱশেষত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰা হ’ল ডি এছ পি স্মৃতি ৰেখা ফুকনক । লগতে ৰিজাৰ্ভ ক্লজ কৰা হ’ল তিনি আৰক্ষী জোৱান ক্ৰমে ছাহিদূৰ ৰহমান, প্ৰিয়তম গগৈ আৰু বিনিত দাসক (Three constables of Jorhat police reserve clause)।
উল্লেখযোগ্য যে, দেওবাৰে নিশা তৰাজান মন্দিৰত অনুষ্ঠিত হৈছিল এটা বিবাহ অনুষ্ঠান । বিবাহ অনুষ্ঠান সম্পন্ন হোৱাৰ পাচত নিশা প্ৰায় ১:৩০ বজাত তৰাজান পূজা মন্দিৰৰ সন্মুখত ডি এছ পি স্মৃতিৰেখা ফুকনৰ নেতৃত্বত পুলিবৰ আৰক্ষীৰ এটা দল উপস্থিত হয় উক্ত স্থানত ৷
তাৰ পাচতে আৰক্ষীৰ দলটোৱে জিতেন ৰোহি দাস নামৰ এজন লোকক সন্ধান কৰাৰ লগতে জিতেন ৰবি দাসৰ বিষয়ে পাপু ৰোহি দাসক সোধে । তেতিয়া পাপুৱে জিতেন ৰোহি দাস মন্দিৰৰ ভিতৰত আছে বুলি কোৱাত আৰক্ষীয়ে পাপুকে জিতেন বুলি কৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে (Innocent beaten by Jorhat Police)৷
আনকি জোতা পিন্ধি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি জিতেন ৰোহি দাসকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল যোৰহাট আৰক্ষীৰ বিৰুদ্ধে । পুলিচৰ দলটোৱে জোতা পিন্ধি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি নিৰীহ লোকক প্ৰহাৰ কৰাৰ ঘটনাই যোৰহাটত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
আনহাতে জোতা পিন্ধি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা আৰক্ষীৰ এই ঘটনাই ধৰ্মীয় অনুভূতিত আঘাত হানিছে বুলি উল্লেখ কৰিছিল তৰাজান পূজা মন্দিৰ কৰ্তৃপক্ষই । উক্ত ঘটনা সংঘটিত হৈ যোৱাৰ পাচত সোমবাৰে তৰাজান পূজা মন্দিৰ কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো লিখিত ৰূপত অবগত কৰিছিল জিলা আৰক্ষী অধীক্ষক মোহন লাল মীনাক । অৱশেষত অসম আৰক্ষীৰ শীৰ্ষ মহলে দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় । যাৰ ফলশ্ৰুতিতেই যোৰহাট আৰক্ষীৰ ডি এছ পিসহ চাৰি আৰক্ষীক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Barbarism of Jorhat Police: মন্দিৰৰ ভিতৰলৈ জোতা পৰিধান কৰি গৈ নিৰীহক প্ৰহাৰ যোৰহাট আৰক্ষীৰ