ETV Bharat / state

তিতাবৰত ঠেঙাল-কছাৰী সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ - thengal-kachari cultural center inaugurated in titabor by cm

তিতাবৰৰ বজালবাৰীত উদ্বোধন কৰা হ'ল ঠেঙাল-কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় ৷ কেন্দ্ৰটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণৱালে ৷ কেন্দ্ৰটো উজনি অসমৰ অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে পৰিগণিত হোৱাৰ আশা প্ৰকাশ কৰিছে ভিন্নজনে ৷

ঠেঙাল-কছাৰী সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 11, 2020, 9:53 PM IST

তিতাবৰ, 11 ডিচেম্বৰ : তিতাবৰৰ বজালবাৰীত নিৰ্মাণ কৰা হৈছে ঠেঙাল-কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় ৷ আটকধুনীয়াকৈ নিৰ্মাণ কৰা সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়টো শুকুৰবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰায় 8.5 কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়টোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল 2014 চনত ৷ এই ক্ষেত্ৰত বহুখিনি অৱদান আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ ৷ যাৰ বাবে কেন্দ্ৰৰ দৃশ্য-শ্ৰাব্য কক্ষটোৰ নামাকৰণ কৰা হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নামত ৷

তিতাবৰত ঠেঙাল-কছাৰী সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

সাংস্কৃতি কেন্দ্ৰটোত আছে বহু ন ন উপাদান ৷ ঠেঙাল-কছাৰীসকলৰ গাঁও, সংস্কৃতি, পৰম্পৰা সকলো ফুটাই তোলা হৈছে কেন্দ্ৰটোত ৷ আনহাতে সংগ্ৰহালয়টোত ঠেঙাল-কছাৰীসকলৰ সৈতে জড়িত সকলো ধৰণৰ সামগ্ৰী ৰখা হৈছে ৷ ইয়াৰোপৰি পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে কেন্দ্ৰটোত আছে 7 টাকৈ ডি থিয়েটাৰ, বাম্পাৰ কাৰ জ'ন, বিস্ময়কৰ ঘৰ, ভাৰ্চুৱেল ক্ৰিকেট গেম ইত্যাদি ৷ শুকুৰবাৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আন আন বিশিষ্ট ব্যক্তি সকলে সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়টোৰ ভূয়সী প্ৰশংসা কৰে ৷

উল্লেখ্য যে, কেন্দ্ৰটোৰ জৰিয়তে ৰাজহ সংগ্ৰহো কৰা হ'ব ৷ তাত থকা ভিন্ন অনুষ্ঠান উপভোগ কৰিবৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল ৷ কেন্দ্ৰটো উজনি অসমৰ অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে পৰিগণিত হোৱাৰ আশা প্ৰকাশ কৰিছে ভিন্নজনে ৷ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, যোগেন মহনকে ধৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকে ৷

লগতে পঢ়ক: বলুকা ভাস্কৰ্যৰে স্মৰণ কৰিলে পঞ্চ শ্বহীদক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.