ETV Bharat / state

বানে গৰকা জাঁজীমুখত মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ

আন আন সমষ্টিসমূহৰ দৰে টীয়ক সমষ্টিত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে সমষ্টিটোৰ বিজেপি নেতৃত্বধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই প্ৰচাৰ চলাই বানে গৰকা জাঁজীমুখত ৷ মিত্ৰজোঁটৰ আন এক অন্যতম অংশীদাৰী দল গণশক্তিৰ প্ৰতিনিধিসকলে সভাত উপস্থিত থাকি মিত্ৰতালৈ সন্মান জনাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰাৰ্থী গৰাকীক প্ৰতিশ্ৰুতি দিয়ে ।

বানে গৰকা জাঁজীমুখত মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ
বানে গৰকা জাঁজীমুখত মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা
author img

By

Published : Mar 22, 2021, 6:14 PM IST

Updated : Mar 22, 2021, 10:33 PM IST

টীয়ক,22 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মাজত মাথো চাৰিটা দিন বাকী থকা অৱস্থাতে অধিক তৎপৰতা বৃদ্ধি পাইছে প্ৰাৰ্থী তথা ৰাজনৈতিক নেতাসকলৰ মাজত ৷ আন আন সমষ্টিসমূহৰ দৰে টীয়ক সমষ্টিত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে সমষ্টিটোৰ বিজেপি নেতৃত্বধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই প্ৰচাৰ চলাই বানে গৰকা জাঁজীমুখত ৷ মিত্ৰজোঁটৰ আন এক অন্যতম অংশীদাৰী দল গণশক্তি দলৰ প্ৰতিনিধিসকলে সভাত উপস্থিত থাকি মিত্ৰতালৈ সন্মান জনাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰাৰ্থীগৰাকীক প্ৰতিশ্ৰুতি দিয়ে ।

বানে গৰকা জাঁজীমুখত মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, এই সভাতে সমষ্টিটোৰ অৰ্ধ শতাধিক কংগ্ৰেছী নেতা-পালিনেতাই আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে ৷ জাঁজীমুখৰ বজাৰ গৃহত অনুষ্ঠিত এই সভালৈ প্ৰাৰ্থীগৰাকীক তিনিওটা দলৰ সমৰ্থকসকলে এক ৰেলীৰে আদৰি অনাৰ লগতে বিজেপিৰ কেইবাগৰাকীও ৰাজ্যিক তথা জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: মুছলপুৰত নিৰ্বাচনী পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা

Last Updated : Mar 22, 2021, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.