টীয়ক, 8 ফেব্ৰুৱাৰীঃ আজি আন্তৰ্জাতিক নাৰী দিৱস । সমগ্র বিশ্বই উদযাপন কৰিছে নাৰী দিৱস। নাৰী যে পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে পাৰদৰ্শী সেইয়া নাৰী দিৱসৰ বিশেষ দিনটোত আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছো ৷ এক বিৰল প্ৰতিভাৰ গৰাকী তথা সংস্কৃতিৰ নিৰৱ সাধক টীয়কৰ গায়ত্ৰী গোস্বামী পেচাত এগৰাকী শিক্ষয়িত্ৰী । লক্ষিমপুৰৰ ঘাধৰা সত্ৰত জন্ম গ্ৰহণ কৰি সৰুৰে পৰা বিভিন্ন লোকবাদ্যৰ চৰ্চা কৰি আহিছে গায়ত্ৰী গোস্বামী । সত্ৰীয়া পৰিবেশত ডাঙৰ হোৱা এইগৰাকী শিল্পী সৰুৰে পৰা বৰগীত, খোল, তাল আদি বাদ্য পৰিবেশনত পাৰ্গত । পৰৱৰ্ত্তী সময়ত তবলা, ঢোল পৰিবেশন কৰাৰ লগতে মেন্ডলিন বজাই অধিক জনপ্ৰিয় হৈ পৰিছে । বিবাহ সুত্ৰে টীয়কৰ ঐতিহাসিক মাহাৰা সত্ৰৰ পৰিয়ালৰ অংশীদাৰ হৈ বৰ্তমান টীয়ক জাতীয় বিদ্যালয়ত শিক্ষকতা কৰি আছে গোস্বামীয়ে ।
কৰ্ম ব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই কেইবাজনো সহযোগীৰ সৈতে বাদ্য বজোৱাত ব্যস্ত হৈ পৰে গায়ত্ৰী গোস্বামী । পৰিয়ালৰ প্ৰতিজন সদস্যৰ পৰা সংস্কৃতি সাধনাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা গায়ত্ৰী গোস্বামীয়ে অসমৰ বিভিন্ন মঞ্চত ইতিমধ্যে তেওঁৰ অনুষ্ঠান প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । এগৰাকী মহিলাই সংসাৰৰ সকলো দ্বায়িত্ব পালন কৰাৰ পাছতো সংস্কৃতিৰ পথাৰখনত নিজস্ব দক্ষতাই এতিয়া সকলোকে মুগ্ধ কৰি তুলিছে ।
আজি তেওঁ নাৰী সমাজৰ বাবে প্ৰেৰণাৰ উৎস । মন থাকিলে সকলো সম্ভৱ । সেয়ে সত্ৰৰ আবোৰৰ মাজত থাকিও আজি গায়ত্ৰী গোস্বামীয়ে তেওঁৰ শিল্পী সত্তাক জীয়াই ৰাখি নৱপ্ৰজন্মৰ আদৰ্শ হৈ পৰিছে । আন্তজাতিক নাৰী দিৱসৰ শুভক্ষণত এইগৰাকী বিশেষ নাৰীলৈ ইটিভি ভাৰত পৰিয়ালৰ পৰা যাচিলোঁ অলেখ শুভকামনা ।