টীয়ক,10 মে’ : যোৰহাট জিলাৰ টীয়কত চৰকাৰে প্ৰদান কৰা এজাহাৰ টকীয়া সাহায্য সন্দৰ্ভত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ স্থানীয় ৰাইজ । ইতিমধ্যে বিষয় সন্দৰ্ভত লাহদৈগড় আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৩নং মধ্য হোলোঙাপাৰ পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে সাহায্য বিতৰণত সংঘটিত বিসংগতিৰ ফলত ৰুজু কৰা হৈছে গোচৰ ।
উল্লেখ্য যে,পঞ্চায়তখনৰ পিলি ভূঞা আৰু ভাইটি কালন্দি নামৰ দুজন ৰেচন কাৰ্ডধাৰী ব্যক্তিয়ে লাভ কৰিছিল এহাজাৰ টকা । পৰৱৰ্তী সময়ত এই কথা পোহৰলৈ অহাত অঞ্চলটোৰ সচেতন ব্যক্তি ধৰণী চেতিয়াই লাহদৈগড় আৰক্ষী চকীত তথ্যসহ ৰুজু কৰে এক গোচৰ । আৰক্ষীয়ে অভিযোগৰ ভিত্তিত 120(B), 420, 406, 409 ধাৰাত পঞ্জীয়ন কৰে এক গোচৰ ৷ চেতিয়াই পঞ্চায়ত সভাপতি পৰাগ বৰগোঁহাই আৰু সচিব ৰঞ্জিত বৰুৱাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
লগতে চাওকঃ দীঘলীয়া লক্ ডাউনঃ চূড়ান্ত সিদ্ধান্ত ল'লে ৰিক্সাচালকে !