ETV Bharat / state

টিয়কত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ - বিনামূলীয়া বিদ্যুৎ যোগান

বিনামূলীয়া বিদ্যুতে জ্বলাকলা খোৱাইছে টিয়কৰ চাহ শ্ৰমিকক ৷ টীয়কস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত অত্যাধিক বিদ্যুৎ মাচুলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৷

টিয়কৰ চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ
টিয়কৰ চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Mar 12, 2021, 5:49 PM IST

টিয়ক,12 মাৰ্চঃ অসম চৰকাৰে দৰিদ্ৰ চাহ শ্ৰমিকৰ বাবে ঘৰে ঘৰে প্ৰদান কৰা বিনামূলীয়া বিদ্যুৎ গ্ৰহণ কৰি এতিয়া শলঠেকত পৰিছে চাহ শ্ৰমিকসকল । ভোটৰ অংকত বিনামূলীয়া বিদ্যুৎ যোগান ধৰিলে ঠিকেই কিন্তু শ্ৰমিকসকললৈ বিদ্যুৎ ব্যৱহাৰ কৰাৰ বাবদ মাহেকীয়া বিলত টকাৰ পৰিমাণ দেখি চকু কপালত উঠিল টিয়কৰ চাহ শ্ৰমিকৰ । মাহেকত ছয় হাজাৰ টকাৰ পৰা বাৰ হাজাৰ টকাৰ বিল পৰিশোধ কৰিব লগা হোৱাত স্বাভাৱিকতে উত্তেজিত হৈ পৰে চাহ শ্ৰমিকসকল ।

টিয়কৰ চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ
টিয়কৰ চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

উত্তেজিত শ্ৰমিকসকলে আটছাৰ চেলেংহাট উপ-শাখাৰ আহ্বানত টীয়কস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে কোনো কাৰণতে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ হুংকাৰ দিয়ে শ্ৰমিকসকলে । নিৰ্বাচনত ভোট কিনাৰ স্বাৰ্থত চৰকাৰে ৰূপায়ন কৰা এই আঁচনিয়ে এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি চৰকাৰখনক শলঠেকত যে পেলাব সেয়া নিশ্চিত । শ্ৰমিকসকলৰ মজুৰি পঞ্চাশ টকা বঢ়াই দি চৰকাৰে বিদ্যুৎ মাচুলৰ যোগেদি সেই ধন ঘূৰাই লোৱাৰ অভিসন্ধি কৰা বুলি অভিযোগ কৰিছে প্ৰতিবাদী শ্ৰমিকসকলে ।

লগতে পঢ়কঃপৰেশ বৰুৱাই সমৰ্থন জনাইছে নেকি চাবুৱাৰ প্ৰাৰ্থী প্ৰিয়ংকা নেওগক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.