টীয়ক, 7 আগষ্টঃ যোৰহাট জিলাৰ টীয়কৰ কাৱৈমাৰীত বিপিন দাস নামৰ ব্যক্তি গৰাকীৰ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নীৰ পৰ পুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ পৰিণতিতে এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ তুলিছে গাঁও বাসীয়ে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে পত্নী জুৰি দাসক আৰু তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে ঘৰৰ পাছফালৰ বাৰীত এজোপা তামোল গছত উলমি থকা অৱস্থাত পুৱা ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
উল্লেখযোগ্য যে সম্পূৰ্ণ পৰিকল্পিতভাৱে পত্নী জুৰিয়ে প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷