ETV Bharat / state

যোৰহাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ! - টিয়ক

যোৰহাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ ৷ টীয়কৰ জাঁজী হাঁহচৰাৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ এটা "শীতল" ব্ৰেণ্ডৰ দুই লিটাৰ পানীৰ বটলত ওলাইছে ডাঠ শেলাইৰ তৰপ

যোৰহাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ
author img

By

Published : Aug 24, 2019, 8:37 AM IST

টিয়ক, 24 আগষ্টঃ সম্প্ৰতি উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যক৷ গৰমৰ ফলত এতিয়া বজাৰতো ক্ৰমাৎ বৃদ্ধি পাইছে শীতল পানীয়ৰ চাহিদা ৷ বিশেষকৈ স্বাস্থ্যৰ প্ৰতি সজাগ প্ৰায় সংখ্যক গ্ৰাহকে বিশুদ্ধ বুলি পেকেজিং পানী খোৱাৰ এক পৰিৱেশ গঢ়ি উঠিছে ৷ কিন্ত বজাৰত পেকেজিং বটলত উপলব্ধ বিশুদ্ধ খোৱাপানীৰ নামত জনসাধাৰণক বৰবিহ খুৱাইছে ৰাজ্যৰ চুকে কোণে গঢ় লৈ উঠা সৰু বৰ কোম্পানীসমূহে ৷ যোৰহাটৰ সঞ্জীৱনী বিভাৰেজেছ নামৰ কোম্পানীটোৱে বজাৰত উলিয়াই দিয়া বিশুদ্ধ খোৱাপানী "শীতল" নামৰ ব্ৰেণ্ডত সততে পোৱা যায় কীট পতংগৰ পৰা শেলাইলৈকে বিভিন্ন দ্ৰব্য ৷ শেহতীয়াকৈ টীয়কৰ জাঁজী হাঁহচৰাৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ এটা "শীতল" ব্ৰেণ্ডৰ দুই লিটাৰ পানীৰ বটলত ওলাল ডাঠ শেলাইৰ তৰপ ৷ ১৫ জুলাইত পেকেট কৰা পানীৰ বটলটোৰ বেটচ্ নম্বৰ চি-১১ বুলি উল্লেখ থকাৰ লগতে ছমাহলৈকে এই পানী ব্যৱহাৰৰ উপযোগী বুলি লিখা আছে ৷ ইতিমধ্যে এই সন্দৰ্ভত ব্যুৰ' অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ গুৱাহাটী শাখাক অৱগত কৰিছে ব্যবসায়ী জনে ৷

যোৰহাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ
উল্লেখযোগ্য যে এবছৰৰ পূৰ্বেও এই কোম্পানীটোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছিল আৰু BIS এ ইয়াৰ ওপৰত উচিত ব্যৱস্থাও গ্ৰহণ কৰিছিল ৷ ইমানৰ পাছত কোম্পানীটোৱে সকলোকে অংগুষ্ঠ দেখুৱাই বিশুদ্ধ পানীৰ নামত ৰাইজক বৰবিহ সেৱন কৰাই আহিছে ৷

Intro:Body:বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ /শীতল ব্ৰেণ্ডৰ বটলত শেলাই
TEOK: উৎকট গৰমে দহিত সমগ্ৰ ৰাজ্য।অসয্যকৰ গৰমৰ ফলত এতিয়া বজাৰত বৃদ্ধি পাইছে শীতল পানীয়ৰ চাহিদা।বিশেষকৈ স্বাস্থ্য প্ৰতি সজাগ প্ৰায় সংখ্যক গ্ৰাহকে বিশুদ্ধ বুলি পেকেজিং পানী খোৱাৰ এক পৰিবেশ গঢ়ি উঠিছে। কিন্ত বজাৰত পেকেজিং বটলত উপলব্ধ বিশুদ্ধ খোৱাপানীৰ নামত জনসাধাৰণক বৰবিহ খুৱাইছে ৰাজ্যৰ চুকে কুনে গঢ় লৈ উঠা সৰু বৰ কোম্পানীবোৰে। যোৰহাটৰ সঞ্জীৱনী বিভাৰেজেছ নামৰ কোম্পানীটোৱে বজাৰত উলিয়াই দিয়া বিশুদ্ধ খোৱাপানী "শীতল" নামৰ ব্ৰেণ্ডত সততে দেখা যায় কীট পতংগৰ পৰা শেলাইলৈকে বিভিন্ন দ্ৰব্য। শেহতীয়াকৈ টীয়কৰ জাঁজী হাঁহচৰাৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ এটা "শীতল" ব্ৰেণ্ডৰ দুই লিটাৰ পানীৰ বটলত প্ৰত্যক্ষ কৰা হ'ল ডাঠ শেলাইৰ তৰপ। ১৫ জুলাইত পেকেট কৰা পানীৰ বটলটোৰ বেটচ্ নম্বৰ চি-১১ বুলি উল্লেখ থকাৰ লগতে ছমাহলৈকে এই পানী ব্যৱহাৰৰ উপযোগী বুলি লিখা আছে। ইতিমধ্যে এই সন্দৰ্ভত ব্যুৰ' অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ গুৱাহাটী শাখাক অৱগত কৰিছে ব্যবসায়ী জনে ।উল্লেখযোগ্য যে এবছৰৰ পূৰ্বেও এই কোম্পানীটোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছিল আৰু BIS এ ইয়াৰ ওপৰত উচিত ব্যৱস্থাও গ্ৰহণ কৰিছিল। ইমানৰ পাছত কোম্পানীটোৱে সকলোকে বৃদ্ধাংগুষ্ঠ দেখুৱাই বিশুদ্ধ পানীৰ নামত ৰাইজক বৰবিহ সেৱন কৰাই আহিছে। আনহাতে জিলা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে এই কোম্পানীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.