টিয়ক, 25এপ্ৰিল: টীয়কৰ কলিয়াপানীত এমাহ পূৰ্বে চাঞ্চল্যৰ সৃষ্টি কৰা কলিয়াপানীৰ ডকাইটিৰ ঘটনাৰ লগত জড়িত মূল খলনায়ক কলিয়াপানী চাপৰি গাঁৱৰ নৃপেন দাসৰ পুত্ৰ গোপাল দাসক(19) গ্ৰেপ্তাৰ ৷ অতি কৌশলেৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপাঙ্কৰ গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ঘৰৰ পৰাই আটক কৰিবলৈ সক্ষম হয় গোপালক ৷ ধৃত যুৱক জনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা টেবলেট ৷ ডকাইটি সংঘটিত হোৱা সময়ত এটা পিষ্টল ব্যৱহাৰ কৰাৰ হৈছিল যদিও আৰক্ষীৰ আগত এটা পুতলা পিষ্টলহে ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰিছে তেওঁ ৷ এই সমগ্ৰ ঘটনা অনুসন্ধানৰ পিছতহে অধিক স্পষ্ট হ'ব ৷
লগতে পঢ়ক: যোৰহাটৰ ৰাজপথত জলন্ত মাৰুতি গাড়ী; প্ৰাণ ৰক্ষা 2 আৰুহী
দুষ্কাৰ্য সংঘটিত কৰা সময়ত ব্যৱহৃত মাস্ক আৰু অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ঘটনাৰ লগত আৰু ব্যক্তি জড়িত থকাৰো সন্দেহ নুই কৰা নাই ৷ ইফালে গোপালে আলফাত যোগদান কৰা এক ভিডিঅ' চচিয়েল মিডিয়াত ভাইৰেল হোৱা সন্দৰ্ভত গোপালে ধেমালিৰ বাবে এই ভিডিঅ' কৰা বুলি কয় । আৰক্ষীৰ সূত্ৰই জনোৱা মতে মানুহক ভয় খুৱাবৰ বাবেই এনে উৰা বাতৰি উলিয়াই আতংকৰ সৃষ্টি কৰা হৈছিল ৷ উল্লেখ্য যে এই ডকাইতি ঘটনাৰে জড়িত সাতটা ডকাইতক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।