ETV Bharat / state

টীয়ক নৈৰ গতিপথ সলনিৰ চক্ৰান্ত - যোৰহাট

ন্যস্তস্বাৰ্থ জড়িত এজন লোকে লোকে এটা বৃহৎ নলা খান্দি টীয়ক নৈৰ স্বাভাৱিক গতি পথ সলনি কৰি বোৱাই নিয়াৰ অভিযোগ উৎথাপন কৰিছে স্থানীয় ৰাইজে । ঘটনা সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান ৷

টীয়ক নদীৰ গতিপথ সলনিৰ চক্ৰান্ত
author img

By

Published : Apr 19, 2019, 10:12 AM IST

টীয়ক,19এপ্ৰিল: যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ বলমা ন-হাত টিপমিয়াত ন্যস্তস্বাৰ্থ জড়িত এজন লোকে লোকে এটা বৃহৎ নলা খান্দি টীয়ক নৈৰ স্বাভাৱিক গতি পথ সলনি কৰি বোৱাই নিয়াৰ অভিযোগ উৎথাপন কৰিছে স্থানীয় ৰাইজে । অভিযোগ অনুসৰি লোকজনে নিজ ভূমি সুৰক্ষিত কৰাৰ স্বাৰ্থত কাষেদি বৈ অহা টীয়ক নৈ অন্য দিশে বোৱাই নিবৰ বাবে এটি বৃহৎ নলা খনন কৰে । ফলত কাষৰীয়া কৃষিভূমিসমূহ ব্যাপক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বানৰ ভয়াৱহতাৰ আশংকা ভুগিছে কাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজে ।

টীয়ক নদীৰ গতিপথ সলনিৰ চক্ৰান্ত

কিয়নো প্ৰত্যেক বছৰে টীয়ক নৈৰ বাঢ়নী পানীয়ে কাষৰীয়া গাঁওকেইখনৰ জনজীৱন দুৰ্বিষহ কৰি আহিছে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশাসনে দৃঢ় পদক্ষেপ গ্ৰহণৰ দাবী জনাই চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

ইপিনে এই অবৈধ কাৰ্যৰ বিৰুদ্ধে চক্ৰ বিষয়াই তৎপৰতা গ্ৰহণ কৰি অবৈধভাৱে খনন কৰা নলা পোতাৰ নিৰ্দেশ দিয়াত নলাটো পোতাৰ কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Intro:Body:টীয়ক নদীৰ গতিপথ সলনি কৰাৰ চক্ৰান্ত/তীব্ৰ প্ৰতিক্ৰিয়া, যুৱ ছাত্ৰ পৰিষদৰ ৰাজহচক্ৰ বিষয়াক অভিযোগ
TEOK:যোৰহাট জিলাৰ টীয়ক ৰাজহচক্ৰৰ অধীনৰ বলমা ন- হাত টিপমিয়াত ন্যস্ত স্বাৰ্থৰ বাবে এজন ব্যক্তিয়ে এটা বৃহৎ নলা খান্দি টীয়ক নদীৰ স্বাভাৱিক গতি পথ সলনি কৰি বোৱাই নিয়াৰ অভিযোগ উৎথাপন কৰিছে স্থানীয় ৰাইজে। জানিব পৰা মতে স্থানীয় বুঢ়াগোহাঁই উপাধিৰ এজন ব্যক্তিয়ে কিছু দিনৰ পূৰ্বে উক্ত স্থানত কিছু ৰোৱতী মাটি ক্ৰয় কৰে আৰু নিজে ক্ৰয় কৰা উক্ত ভূমি সুৰক্ষিত কৰাৰ স্বাৰ্থতে কাষেদি বৈ অহা টীয়ক নদী বেলেগ দিশে বোৱাই নিবৰ বাবে এটি বৃহৎ নলা খনন কৰে । ফলত কাষৰীয়া কৃষিভূমি ব্যাপক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে কাষৰীয়া কেইবাখনো গাওঁৰ ৰাইজে । কিয়নো প্ৰত্যেক বছৰে টীয়ক নদীৰ বাঢ়নী পানীয়ে কাষৰীয়া গাওঁ কেইখনৰ জনজীৱন দুৰ্বিষহ কৰি আহিছে । টীয়ক নদীত থকা সৰু ৰিং বান্ধে কিছু পৰিমাণে বাঢ়নী পানীৰ পৰা ৰক্ষা কৰি আহিছে যদিও এই নলাই যদি টীয়ক নদীখনে গতি লয়, তেতিয়া বিস্তৰ ক্ষতি সাধন হ'ব গাওঁ কেইখনৰ । এই সমগ্র ঘটনা সম্পৰ্কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজহুৱা স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাম সমিতিয়ে কৰিবলৈ নিদিয়ে বুলি দৃঢ়তাৰে কয় আৰু ইয়াৰ ক্ষেত্ৰৰ প্ৰশাসনে দৃঢ় পদক্ষেপ গ্ৰহনৰ দাবী জনাই চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু প্ৰয়োজনত আইনৰ কাষ চাপিব বুলি সকিয়াই দিছে ।ইপিনে এই অবৈধ কাৰ্যৰ বিৰুদ্ধে চক্ৰ বিষয়াই তৎপৰতা গ্ৰহণ কৰি অবৈধ ভাৱে খনন কৰা নলা পোতাৰ নিৰ্দেশ দিয়াত নলাটো পোতাৰ কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.