ETV Bharat / state

ঘৰত থাকিবলৈ অনিচ্ছুক হ'লে থাকিব লাগিব জে'লত !

author img

By

Published : Mar 25, 2020, 1:32 PM IST

কৰ'ণা ভাইৰাছক লৈ যোৰহাট জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ ৷ বহিঃৰাজ্যৰ পৰা আহি ১৪ দিন ঘৰত থাকিবলৈ অনিচ্ছুক ব্যক্তিৰ বাবে টীয়কৰ ভগামুখত বিশেষ কক্ষ স্থাপন  ৷

assam corona virus news
assam corona virus news

টীয়ক, 25 মাৰ্চ : সমগ্ৰ দেশতে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ আতংক অব্যাহত থকাৰ মাজতে যোৰহাট জিলাৰ পৰা দেশ-বিদেশ তথা বহিঃৰাজ্যত বিভিন্ন কৰ্মত নিয়োজিত বহু সংখ্যক ব্যক্তি ঘৰলৈ অহাৰ সমান্তৰালকৈ অসমত ব্যৱসায় কৰা বহু সংখ্যক বিহাৰ,ৰাজস্থানৰ ব্যক্তিও পৰিলক্ষিত হৈছে । ইতিমধ্যে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । যিসকল বহিঃৰাজ্যত থকা লোক টীয়ক তথা যোৰহাটলৈ উভতি আহিছে অথবা সন্দেহজনক বুলি চিনাক্ত কৰিছে,তেওঁলোকক ১৪ দিনলৈ ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰ তথা প্ৰশাসনে । কিন্তু এইসকল ব্যক্তিৰ মাজৰে একাংশ ব্যক্তিয়ে বজাৰ অথবা ৰাজহুৱা স্থানত ঘুৰি ফুৰাৰ অভিযোগ পাই পুনৰ অধিক কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন।

কৰ'ণা ভাইৰাছক লৈ যোৰহাট জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ

এনে নিৰ্দেশনা ভংগকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ জিলাখনত পাঁচটা স্থানত তৈয়াৰ কৰিছে আচুতীয়া কক্ষ । জানিব পৰা মতে যিসকল বহিঃৰাজ্যত থকা লোক টীয়ক তথা যোৰহাটলৈ আহি ১৪ দিনলৈ ঘৰত থাকিবলৈ অনিচ্ছুক তেনে ব্যক্তিক ৰাখিবৰ বাবে যোৰহাট জিলাখনৰ আন চাৰিটা স্থানৰ লগতে টীয়কৰ ভগামুখ আদৰ্শ চিকিৎসালয়ত এনে বিশেষ কক্ষ স্থাপন কৰিছে ৷ প্ৰকৃত ক্ষেত্ৰত বহিঃৰাজ্যৰ পৰা আহি প্ৰশাসনে বান্ধি দিয়া নিয়ম ভংগকৰা সন্দেহজনক সকলক ৰাখিব যোৰহাটৰ ভগামুখ আদৰ্শ চিকিৎসালয়ৰ আছুতীয়া কক্ষত। লগতে এনে নিৰ্দেশনা অমান্যকাৰী সকলৰ ওপৰত গোচৰো ৰুজু কৰিব চৰকাৰে। উল্লেখযোগ্য যে,এই পৰ্যন্ত এই চিকিৎসালয়খনলৈ তেনে কোনো ব্যক্তি ৰাখিবলগীয়া অৱস্থা আহি পৰা নাই ।

লগতে পঢ়ক : ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ ভিৰ : চিকিৎসালয়ত অনুপস্থিত নাৰ্ছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.