ETV Bharat / state

জিঅ’ নেটৱৰ্কৰ বিৰুদ্ধে টীয়কত ছাত্ৰ সন্থাৰ তলা বন্ধ কাৰ্যসূচী - Jio Office Teok

যোৰহাটৰ টীয়কত বিগত কেইবাদিনৰ পৰা ৰাইজক জ্বলা-কলা খুৱাইছে জিঅ’ কোম্পানীৰ নিম্নমানৰ সেৱাই ৷ কোম্পানীটোৰ এই কাৰ্যত ক্ষুব্ধ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাই জিঅ'ৰ কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰে ৷

Teok protest against jio network jorhat assam etv bharat news
টীয়কত ছাত্ৰ সন্থাৰ তলা বন্ধ কাৰ্যসূচী
author img

By

Published : Jul 29, 2020, 4:09 PM IST

টীয়ক,29 জুলাই: কৰ’ণা সংক্ৰমণৰ বাবে ৰাজ্যত এতিয়াও বন্ধ হৈ আছে সকলো শিক্ষানুষ্ঠান ৷ ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্ৰত এতিয়াও জাৰি কৰা নাই কোনো নতুন নিৰ্দেশনা ৷ শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ প্ৰতি অন্ধকাৰ নামি নাহিবলৈ ৰাজ্যত প্ৰৱৰ্তন কৰা হৈছিল অনলাইন শিক্ষা ৷ কিন্তু এই শিক্ষা ব্যৱস্থাত বৰ্তমান যতি পৰাৰ উপক্ৰম হৈছে ৷ কিয়নো টেলিকম কোম্পানীসমূহৰ দুৰ্বল নেটৱৰ্কে অনলাইন শিক্ষাত লগাইছে আউল ৷

জিঅ’ নেটৱৰ্কৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তলা বন্ধ

যোৰহাটৰ টীয়কত বিগত কেইবাদিনৰ পৰা ৰাইজক জ্বলা-কলা খুৱাইছে জিঅ’ কোম্পানীৰ নিম্নমানৰ সেৱাই ৷ কোম্পানীটোৰ এই কাৰ্যত ক্ষুব্ধ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাই জিঅ'ৰ কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰে ৷ অনতিপলমে কোম্পানীটোৱে নেটৱৰ্ক সেৱাসমূহ ব্যৱহাৰযোগ্য কৰি তুলিব নোৱাৰিলে অনিৰ্দিষ্ট কাললৈ কাৰ্যালয়টোত তলা বন্ধ কৰি ৰখাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠন দুটাই ৷

লগতে চাওকঃ পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.