ETV Bharat / state

টীয়কত 'কা' বাতিলৰ দাবীত আছুৰ মানৱ শৃংখল

author img

By

Published : Jul 30, 2020, 4:43 PM IST

যোৰহাটত পুনৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ টীয়ক আঞ্চলিক ছাত্র সন্থাৰ আহ্বান মৰ্মে টীয়কৰ বিভিন্ন দল-সংগঠন তথা স্থানীয় ব্যক্তিৰ সহযোগত টীয়কৰ জগদুৱাৰত CAA বাতিলৰ দাবীত মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

Teok protest against caa
টীয়কত 'কা' বাতিলৰ দাবীত আছুৰ মানৱ শৃংখল

টীয়ক, 30 জুলাই : বৃহস্পতিবাৰে যোৰহাটত পুনৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ টীয়ক আঞ্চলিক ছাত্র সন্থাৰ আহ্বান মৰ্মে টীয়কৰ বিভিন্ন দল-সংগঠন তথা স্থানীয় ব্যক্তিৰ সহযোগত টীয়কৰ জগদুৱাৰত CAA বাতিলৰ দাবীত মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি,কৰ'ণা ভাইৰাছৰ দোহাই দি চৰকাৰে CAA আন্দোলনক স্তিমিত কৰিব বিচাৰিছে ৷ যাৰবাবে চৰকাৰৰ ষড়যন্ত্ৰ সফল হ'বলৈ নিদিব বুলিও প্ৰতিবাদকাৰীয়ে স্পষ্ট কৰি দিয়ে ৷ ইফালে,টীয়ক আঞ্চলিক ছাত্র সন্থাৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে যুৱ ছাত্ৰ পৰিষদ,চুতীয়া ছাত্ৰ সন্থা,কৰ্মচাৰী পৰিষদৰ লগতে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ আন্দোলনৰ সৃষ্টি হৈছিল ৷ আছুকে আদি কৰি অসমৰ প্ৰায় সমূহ দল-সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল ৷ 2019 চনৰ ডিচেম্বৰত অসমত এই আন্দোলন তীব্ৰতৰ হৈ উঠিছিল ৷ অসমবাসী ৰাইজ এই আইনখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল ৷ কিন্তু শেহতীয়াকৈ ক'ভিড-19 আৰু বানপানীৰ বাবে এই আন্দোলন কিছু পৰিমানে স্তিমিত হৈছে যদিও বৰ্তমানেও অব্যাহত আছে ' কা' বিৰোধী আন্দোলন ৷

লগতে পঢ়ক : বানৰ প্ৰলয়ঃ মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.