ETV Bharat / state

টীয়কত অসম প্ৰেমীযুৱ ছাত্ৰ সমাজৰ সংবাদ মেল - টীয়কৰ হাঁহচৰাৰ এজন যুৱকে

ড্ৰাগছ সেৱন কৰি মৃত্যু বৰণ কৰা টীয়কৰ যুৱকক লৈ আৰক্ষীৰ ৰহস্যজনক স্থিতি সন্দৰ্ভত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ সংবাদ মেল ৷

TEOK PRESS MEET ASSAM PRAMI SATRA XOMAJ
টীয়কত অসম প্ৰেমীযুৱ ছাত্ৰ সমাজৰ সংবাদ মেল
author img

By

Published : Aug 5, 2020, 10:15 PM IST

টীয়ক,5আগষ্টঃ টীয়কৰ হাঁহচৰাৰ এজন যুৱকে অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যুৰ মুখত পৰা ঘটনাৰ তদন্তৰ নামত আৰক্ষীৰ কেতবোৰ ৰহস্যজনক ভূমিকাৰ বিৰুদ্ধে বুধবাৰে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে এক সংবাদ মেলৰ আয়োজন কৰে ৷ উক্ত সংবাদমেলতে সংগঠনটোৱে তীব্র ক্ষোভ উজাৰাৰ লগতে টীয়ক আৰক্ষীৰ ৰহস্যজনক ভূমিকাৰ বাবে টীয়কৰ দৰে এখন সৰু চহৰত ড্ৰাগছকে ধৰি মদ, ভাং আদিৰ অবাধ প্ৰচলন হৈছে বুলি অভিযোগ তুলে।

টীয়কত অসম প্ৰেমীযুৱ ছাত্ৰ সমাজৰ সংবাদ মেল

ইপিনে শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহৰে জড়িত ছজনকৈ যুৱকক আটক কৰি মুকলি কৰি দিয়া আৰু ড্ৰাগছ সেৱন কৰি কৰুণ মৃত্যুক আকোঁৱালি লোৱা ঘটনাক অন্যৰূপ দিব বিচৰা টীয়কৰ আৰক্ষীৰ এনে কাণ্ডক তীব্র ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৱে ৷ লগতে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ওচৰত দাবী জনাইছে । ইপিনে আৰক্ষীৰ দায়িত্বজ্ঞানহীন কাৰ্যৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দিয়াৰ লগতে চক্ৰটো উৎখাতৰ ক্ষেত্ৰত প্ৰতিটো দল সংগঠন তথা প্ৰতিজন সচেতন নাগৰিকৰ সহযোগিতা বিচাৰিছে সংগঠনটোৱে।

লগতে পঢ়কঃ বিদ্যুৎ নিয়মীয়াকৰণৰ দাবীৰে নাওবৈচাত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.