ETV Bharat / state

গাহৰি আমদানিঃ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ টীয়কৰ গাহৰি পালকৰ

author img

By

Published : Jul 27, 2020, 2:58 PM IST

চৰকাৰে আফ্ৰিকান ছ'ৱাইন ফ্লু'ত মৃত্যু হোৱা গাহৰিৰ গৰাকীসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল যদিও সেয়া ঘোষণাতে আবদ্ধ থাকিল ।

Teok pigery farmer
গাহৰি আমদানি কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ টীয়কৰ গাহৰি পালকৰ

টিয়ক,27 জুলাই : অসম চৰকাৰৰ পশুপালন বিভাগে ৰাজ্যখনত প্ৰয়োজনীয় গাহৰিৰ চাহিদা পূৰণ কৰিবলৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা গাহৰি আমদানি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অসমৰ থলুৱা গাহৰি পালকসকলে । লকডাউন,আফ্ৰিকান ছ'ৱাইন ফ্লু'য়ে ক্ষতিগ্ৰস্ত কৰা অসমৰ গাহৰি পালকসকলে এনে দুৰ্যোগৰ পাছতো গাহৰি পালনৰে ৰাজ্যখনত প্ৰয়োজনীয় গাহৰিৰ পোৱালি,মাংসৰ চাহিদা পূৰণ কৰি আহিছে । এই ক্ষেত্ৰত চৰকাৰৰ পশুপালন বিভাগে যিদৰে এইসকল গাহৰি পালকক সহায় কৰিব লাগিছিল সেইদৰে সহায় নকৰাৰ অভিযোগ কৰিছে গাহৰি পালকসকলে ৷

চৰকাৰে আফ্ৰিকান ছ'ৱাইন ফ্লু'ত মৃত্যু হোৱা গাহৰিৰ গৰাকীসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল যদিও সেয়া ঘোষণাতে আৱদ্ধ থাকিল। শেহতীয়াকৈ বহিঃৰাজ্যৰ পৰা গাহৰি আমদানি কৰা চৰকাৰৰ সিদ্ধান্তই গাহৰি পালনৰে স্বাৱলম্বী হোৱা ৰাজ্যৰ হাজাৰ হাজাৰ অসমীয়া যুৱকৰ জীৱনলৈ অমানিশা নমাই আনিব। শীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ বাবে দাবী জনাইছে ৰাজ্যৰ গাহৰি পালকসকলে ।

লগতে পঢ়ক : জনীয়া-বাঘবৰত বানৰ বিভীষিকাঃ কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন-জনপ্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.