টীয়ক, ৩০ ডিচেম্বৰ: প্ৰথমে ব্ৰহ্মপুত্ৰৰ বানে নিমাতি অঞ্চলত থকা প্ৰবীণ দত্তৰ আপোন ঘৰখন উটুৱাই নিলে । চৰকাৰে টীয়কৰ কলিয়াপানীত সংস্থাপন দিয়াৰ পিছতো দুৰ্দশাৰ অন্ত পৰা নাছিল । বহু কষ্টৰ মাজতো উচ্চ শিক্ষাৰে শিক্ষিত হৈছিল প্ৰবীণ দত্ত । প্ৰবীণৰ সুন্দৰ ভৱিষ্যতৰ বাবে অশেষ কষ্ট কৰিছিল পিতৃ-মাতৃয়ে । শিক্ষা সাং কৰাৰ পিছতে প্ৰবীণে টীয়কৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিছিল ।
টেটত উত্তীৰ্ণ হোৱাৰ পিছত চাৰি মাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল প্ৰবীণে । দৰিদ্ৰ ঘৰখনত সুখে ভুমুকি মাৰিছিল । কিন্তু হঠাৎ যেন অমানিশা নামি আহিল পৰিয়ালটোলৈ । কিছুদিন পূৰ্বে চিকিৎসকে জনাইছে যে, প্ৰবীণৰ দুয়োটা কিডনী বিকল হৈ পৰিছে । এই বিষয়ে অৱগত হোৱাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ঘৰখনত । অসহায় হৈ পৰিছে হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰবীণৰ পিতৃ ।
ইতিমধ্যে সাঁচতীয়া ধনেৰে চিকিৎসা আৰম্ভ কৰিছে যদিও প্ৰবীণক এতিয়া উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ অৰ্থ । সেয়ে, প্ৰবীণ আৰু তেওঁৰ অসহায় মাতৃয়ে ৰাইজৰ পৰা সহায় বিচাৰিছে । প্ৰবীণৰ এই সংকটৰ সময়ত সহায় কৰিব বিচৰা লোকসকলে এচ বি আইৰ টীয়ক শাখাত থকা 30397156043 নম্বৰ আৰু IFSC SBIN0001718 জৰিয়তে আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰিব দুৰ্ভগীয়া পৰিয়ালটোক ।
লগতে পঢ়ক:গোলাঘাটত গ্ৰেপ্তাৰ দুই জাল নোট ব্যৱসায়ী