ETV Bharat / state

চৰকাৰী বিষয়াই ঘুৰাই দিলে লুন্ঠনৰ ধন

author img

By

Published : Jul 22, 2021, 6:36 AM IST

চৰকাৰী আঁচনিত ধনৰ কেলেংকাৰী সংঘটিত হোৱাটো সাম্প্ৰতিক সময়ত এক চিৰাচৰিত ঘটনা হৈ পৰিছে ৷ কিন্তু আঁচনিৰ ধন আত্মসাৎ কৰাৰ পাছত পুনৰ ঘূৰাই দিয়া ৷ এই বিৰল ঘটনা সংঘটিত হৈছে কলীয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ ১ নং চিন্তামণিগড় গাঁও পঞ্চায়তত ৷

teok-panchayat-scandal
আজৱ কাণ্ড : চৰকাৰী বিষয়াই ঘুৰাই দিলে লুন্ঠনৰ ধন

টীয়ক, 21 জুলাই : টীয়ক সমষ্টিৰ অন্তৰ্গত কলীয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ ১ নং চিন্তামণিগড় গাঁও পঞ্চায়তত চৰকাৰী বিষয়াই লুন্ঠন চলোৱা উন্নয়ন পূঁজিৰ ধন পুনৰ ঘূৰাই দিবলৈ বাধ্য হোৱা এক ঘটনা সংঘটিত হৈছে । কলীয়াপানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু সচিবে পঞ্চায়ত প্ৰতিনিধিসকলক অন্ধকাৰত ৰাখি দীৰ্ঘদিন ধৰি পঞ্চায়তলৈ আৱন্টিত উন্নয়নৰ পুঁজি আত্মসাৎ কৰি আহিছিল ৷ চৰকাৰী বিষয়া দুজনে পঞ্চায়ত প্ৰতিনিধিৰ অজ্ঞাতে একাউন্টৰ পৰা ধন উলিওৱাৰ লগতে শেহতীয়াকৈ ১ জুলাইৰ পৰা ৫ জুলাইৰ ভিতৰত লেপটপ, ইনভাৰ্টাৰ, চেনিটাইজাৰ আদি ক্ৰয় কৰাৰ লগতে কাৰ্যালয়ৰ খৰচৰ নামত চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত পুঁজিৰ কমিচনৰ প্ৰায় 01,76,929 টকা উলিয়াই নিয়ে ৷ কিন্তু একাউন্টৰ পৰা টকা মোকলাই নিয়াৰ পাছতো চৰকাৰী বিষয়া দুগৰাকীৰ বিৰুদ্ধে সামগ্ৰীসমূহ ক্ৰয় নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

খণ্ড উন্নয়ন বিষয়া আৰু সচিবে কোনো ধৰণৰ সভা অনুষ্ঠিত নকৰাকৈ চৰম মইমতালিৰে উন্নয়নৰ ধন আত্মসাৎ কৰাৰ সন্দৰ্ভত পঞ্চায়ত সদস্যসকলে বিষয়া দুগৰাকীক ঘেৰাও কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৷ পঞ্চায়ত প্ৰতিনিধিসকলে ঘেৰাও কৰাত বিব্ৰত হৈ বিষয়া দুগৰাকীয়ে দীৰ্ঘদিন ধৰি পঞ্চায়ত একাউন্টৰ পৰা মোকলাই নিয়া মুঠ 03,59,080 টকা পুনৰ একাউন্টত জমা দিয়ে ৷ পঞ্চায়ত সদস্যসকলে কৰা অভিযোগ অনুসৰি তেওঁলোকৰ অজ্ঞাতে এই বৃহৎ পৰিমাণৰ ধন খণ্ড উন্নয়ন বিষয়া আৰু সচিবে মিলি উদৰস্থ কৰাৰ অভিসন্ধি ৰচিছিল যদিও এতিয়া বিপদত পৰাৰ ভয়ত এনেদৰে সমুদায় ধন পুনৰ একাউন্টত জমা দিয়ে ।

উল্লেখ্য যে, চিন্তামণিগড় গাঁও পঞ্চায়তৰ সভাপতিগৰাকীয়ে শিক্ষক পদত নিযুক্তি লাভ কৰাত সভাপতি পদৰ পৰা অব্যাহতি লয় ৷ এনে পৰিস্থিতিত সম্প্ৰতি পঞ্চায়তখনৰ তত্বাৱধায়কৰ দায়িত্বত আছে খণ্ড উন্নয়ন বিষয়াগৰাকী । পঞ্চায়ত প্ৰতিনিধিসকলে এইসকল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল’বলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে পঢ়ক : আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰা চুপাৰী মাফিয়াক Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.