ETV Bharat / state

টীয়কৰ নৃত্যাঞ্জলি একাডেমীৰ নতুন ভিডিঅ' এলবাম মুকলি

টীয়কৰ অন্যতম অগ্ৰণী কলা সংস্কৃতিৰ অনুষ্ঠান নৃত্যাঞ্জলি একাডেমিয়ে মুকলি কৰে একাডেমীৰ শিশুসকলৰ দ্বাৰা অভিনীত এক নতুন দৃশ্য-শ্ৰৱ্য মূলক সংগীত এলবাম ।

টীয়কৰ নৃত্যাঞ্জলি একাডেমীৰ নতুন ভিডিঅ' এলবাম মুকলি
author img

By

Published : Jul 1, 2019, 4:18 PM IST

টীয়ক,১ জুলাইঃ যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী কলা সংস্কৃতিৰ অনুষ্ঠান নৃত্যাঞ্জলি একাডেমিয়ে বিগত ১৮ টা বছৰে টীয়ক তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ শিশুসকলক নৃত্য গীতৰ প্ৰশিক্ষণ প্ৰদান কৰি অসমৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ সমান্তৰালকৈ সমগ্ৰ যোৰহাট জিলাতে এক সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিশু কন্ঠশিল্পী সমৰজিতৰ কন্ঠত বাণীবদ্ধ হোৱা আৰু নৃত্যাঞ্জলিৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অভিনীত এটি শিশু উপযোগী গীতৰ ভিডিঅ' নৃত্যাঞ্জলিৰ একাডেমিৰ প্ৰেক্ষাগৃহত সমূহ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগিতা শুভমুক্তি প্ৰদান কৰা হয় ।

টীয়কৰ নৃত্যাঞ্জলি একাডেমীৰ নতুন ভিডিঅ' এলবাম মুকলি

নৃত্যাঞ্জলিৰ মুখ্য প্ৰশিক্ষক মাইনা ডেকাৰ পৰিচালনাত নিৰ্মাণ হোৱা এই গীতটিত আধুনিক প্ৰযুক্তিবিদ্যা VFX ব্যৱহাৰ কৰি শিশুসকলক এক নতুন অভিজ্ঞতা প্ৰদান কৰাৰ লগতে গীতটি অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰিবলৈ প্ৰয়াস কৰিছে বুলি জানিবলৈ দিছে একাডেমিৰ সঞ্চালক গৰাকীয়ে ।

Intro:Body:টীয়কৰ নৃত্যঞ্জলিয়ে নিৰ্মাণ কৰা শিশু ভিডিঅ' গীত মুকলি
TEOK:যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী কলা সংস্কৃতিৰ অনুষ্ঠান নৃত্যাঞ্জলি একাডেমিয়ে বিগত ১৮ টা বছৰে টীয়ক তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ শিশুসকলক নৃত্য গীতৰ প্ৰশিক্ষণ প্ৰদান কৰি অসমৰ লগতে সৰ্বভাৰতীয় পৰ্য্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ সমান্তৰালকৈ সমগ্ৰ যোৰহাট জিলাতে এক সাংস্কৃতিক পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।নৃত্য গীতৰ লগতে সময়ে সময়ে শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ন ন পাঠ্যক্ৰম অভিজ্ঞ ব্যক্তিৰদ্বাৰা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।তেনেবোৰ বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিশু কন্ঠশিল্পী সমৰজিতৰ কন্ঠত বানীবদ্ধ হোৱা আৰু নৃত্যাঞ্জলিৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অভিনিত এটি শিশুপযোগী গীতৰ ভিডিঅ' নৃত্যাঞ্জলিৰ একাডেমিৰ প্ৰেক্ষাগৃহত সমূহ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগিতা শুভমুক্তি কৰা হয়।নৃত্যাঞ্জলিৰ মূখ্য প্ৰশিক্ষক মাইনা ডেকাৰ পৰিচালনাত নিৰ্ম্মাণ হোৱা এই গীতটিত আধুনিক প্ৰযুক্তিবিদ্যা VFX ব্যৱহাৰ কৰি শিশুসকলক এক নতুন অভিজ্ঞতা প্ৰদান কৰাৰ লগতে গীতটি অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰিবলৈ প্ৰয়াস কৰিছে বুলি জানিবলৈ দিছে একাডেমিৰ সঞ্চালক গৰাকীয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.