ETV Bharat / state

লোকবাদ্যৰ প্ৰচাৰ তথা সংৰক্ষণত ব্যস্ত যুৱ শিল্পী নৱজ্যোতি বৰুৱা

ভাওনা, দিহানাম, থিয়েটাৰ, ৰাস আদিত বাঁহী, পেঁপা, ঢোল, খোল আদি বজোৱাৰ লগতে বহু কেইপদ লোকবাদ্য নিজে সাজি উলিয়াইছে টীয়কৰ যুৱক নৱজ্যোতি বৰুৱাই ৷ পেঁপা বাদক হিচাপে পৰিচিত নৱজ্যোতিয়ে লোক সংস্কৃতিৰ জগতখনত বিগত ২৬ টা বছৰে অহৰহ কাম কৰি আহিছে ৷

Teok nabajyoti bora assam etv bharat news
লোকবাদ্যৰ প্ৰচাৰ তথা সংৰক্ষণত ব্যস্ত যুৱ শিল্পী নৱজ্যোতি বৰুৱা
author img

By

Published : Jan 7, 2021, 2:03 PM IST

টীয়ক,7 জানুৱাৰী: অসমৰ লোক-সংস্কৃতিত ব্যৱহৃত বহু বাদ্যৰ অধিকাংশই বৰ্তমান পাহৰণিৰ গৰ্ভত ৷ সাংস্কৃতিক জগতৰ উত্তৰণৰ লগে লগে ন ন প্ৰযুক্তিবিদ্যাই ক্ৰমাৎ বহুবোৰ থলুৱা লোকবাদ্যৰ ব্যৱহাৰ নাইকীয়া কৰি পেলাইছে ৷ সেয়ে এই আপুৰুগীয়া লোকবাদ্যসমূহ প্ৰচাৰ, প্ৰসাৰ তথা সংৰক্ষণ কৰাত এতিয়া ব্যস্ত হৈ পৰিছে টীয়কৰ মইনাপৰীয়া গাঁৱৰ এজন সংস্কৃতিবান যুৱক নৱজ্যোতি বৰুৱা ৷ যাৰ উদ্দেশ্য মাথো এটাই, পৰিৱৰ্তনৰ ধুমুহাত যাতে থলুৱা লোকবাদ্যসমূহ অস্তিত্বৰ সংকটত বিলীন নহয় ৷ পেঁপা বাদক হিচাপে পৰিচিত নৱজ্যোতিয়ে লোক সংস্কৃতিৰ জগতখনত বিগত ২৬ টা বছৰে অহৰহ কাম কৰি আহিছে ৷ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণ নকৰাকৈয়ে প্ৰায় ৩২ বিধ লোকবাদ্য বজাই পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে যুৱকজনে ৷

লোকবাদ্যৰ প্ৰচাৰত ব্যস্ত নৱজ্যোতি

সৰুৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত ভাওনা, দিহানাম, থিয়েটাৰ, ৰাস আদিত বাঁহী, পেঁপা, ঢোল, খোল আদি বজোৱাৰ লগতে বহু কেইপদ লোকবাদ্য নিজে সাজি উলিয়াইছে ৷ তাৰ ভিতৰত একতাৰা, দুতাৰা, কালি, পাও, দগৰ আদি অন্যতম ৷ উল্লেখ্য যে, নৱজ্যোতিয়ে ২০০৭ চনত চাৰে চাৰি কুইন্টল ওজন লৈ ম’হৰ শিঙৰ পেঁপা বজাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিছ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷

তদুপৰি এই লোকবাদ্যসমূহ সংৰক্ষণ তথা নৱ প্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে যোৰহাটৰ তৰাজানত এক থলুৱা বাদ্য প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে যুৱকজনে ৷ প্ৰতিভাৱান যুৱকগৰাকীয়ে কিন্তু এইক্ষেত্ৰত লাভ কৰা নাই চৰকাৰৰ কোনো সহায়-সাহায্য ৷

লগতে চাওকঃ নমামি ব্ৰহ্মপুত্ৰৰ পিচত এইবাৰ চৰকাৰী খৰচত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.