টীয়ক,22 নৱেম্বৰঃ দেওবাৰে টীয়কত উপস্থিত হৈ কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই আছুৰ অধিবেশন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, সদৌ অসম ছাত্ৰ সন্থা ছাত্র সন্থা হৈয়ে থাকক । ছাত্ৰ সন্থা, ছাত্ৰ সন্থা হৈ থাকিলে জাতিৰ সপোন সাকাৰ হ'ব । ছাত্ৰ সন্থাৰ অবিৰত সঠিক যাত্ৰাই জাতিটোক মূৰ তুলি থিয় কৰি ৰখাত সহায় কৰিব।
উল্লেখযোগ্য যে, আছুৰ দুলীয়াজান অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ গুৱাহাটীলৈ ওভতাৰ পথত দেওবাৰে টীয়কত সাংবাদিককৰে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে । কন্ঠশিল্পী গৰাকীয়ে কয় যে ৰাইজৰ মতামতক লৈ আছু আগবাঢ়ি যাব লাগে । তেওঁ লোকৰ মাজত থকা মতানৈক্যবোৰ আলোচনাৰ মাধ্যমৰে দূৰ কৰি জাতিটোৰ সংকটৰ সময়ত আগবাঢ়িবলৈ আহ্বান জনায় । সমুজ্বল ভট্টাচাৰ্য আছুৰ পিতামহ হৈয়ে থাকিব বুলি কয় মহেন্দ্ৰ হাজৰিকাই ।
ইপিনে লুৰিণজ্যোতি গগৈৰ আছু ত্যাগ সন্দৰ্ভত মহেন্দ্ৰ হাজৰিকাই কয় যে, গগৈয়ে চেপা খুন্দা পালে চাগৈ সেয়ে ওলাই আহিল । আহোমৰ, ৰজাঘৰীয়াৰ তেজ আছে লুৰিণৰ গাত সেই বাবেই এনেকুৱা সাহসী পদক্ষেপ গ্ৰহণ কৰিছে ।
আনহাতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিবনে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিল্পী হাজৰিকাই কয়, সাগৰ এখন চোতাললৈ আহিছে ,সেইবুলি চোতাল খন সাগৰ হ’ব নোৱাৰে । কিন্তু ভালকৈ বেৰা দিলে চোতাল চোতাল হৈ থাকিব ।
লগতে পঢ়কঃ মিছামাৰীৰ ন-বিল পথাৰত শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি