ETV Bharat / state

টীয়কৰ মিনি ষ্টেডিয়াম বিতৰ্ক - টীয়ক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা

টীয়কৰ ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়ামক লৈ বিতৰ্ক অব্যাহত আছে । ষ্টেডিয়ামৰ ভূমি বেদখলৰ অভিযোগৰ পাছতে মুখ খুলিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই । কেইবাটাও ৰহস্য ফাদিল কৰিলে সন্থাই ।

Teok
টীয়কৰ মিনি ষ্টেডিয়াম বিতৰ্ক
author img

By

Published : Oct 9, 2021, 7:32 PM IST

টীয়ক,৯ অক্টোবৰ : যোৰহাটৰ টীয়কৰ একমাত্ৰ মিনি ষ্টেডিয়ামখনক পূৰ্ণাংগ ৰূপ দিয়াটো মিত্ৰজোঁট চৰকাৰৰ অন্যতম প্ৰতিশ্ৰুতি আছিল । নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল চৰকাৰে । বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠনৰ চাৰিমাহ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে টীয়কবাসীৰ আবেগ জড়িত থকা টীয়কৰ জগদুৱাৰস্থিত সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়ামখন সম্পূৰ্ণ কৰি তুলিবলৈ প্ৰায় ১২ কোটি টকাৰ এক পুঁজি ঘোষণা কৰিছিল । প্ৰতিশ্ৰুতি মতে কাম কৰাৰ বাবে ৰাজ্য চৰকাৰখনক সমগ্ৰ টীয়কবাসীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে ।

কিন্তু এই ক্ৰীড়া প্ৰকল্পৰ বাবে যদিও আঁচনি ঘোষণা হৈছে ষ্টেডিয়ামখনে যে পূৰ্ণাংগ ৰূপ পাব তাত সন্দেহৰ সৃষ্টি হৈছে । কিয়নো এখন মিনি ষ্টেডিয়াম স্থাপনৰ বাবে প্ৰথম তথা প্ৰাৰম্ভিক চৰ্ত হিচাপে প্ৰয়োজন হয় প্ৰায় ২৫ বিঘা ভূমিৰ এক বৃহৎ অঞ্চল । ১৯৯৯ চনত এই মিনি ষ্টেডিয়ামখন স্থাপনৰ বাবে উক্ত স্থানত ২৫ বিঘা ভূমি চৰকাৰে আৱন্টন দিছিল যদিও বৰ্তমান উক্ত অঞ্চলত কেৱল ১২ বিঘা মাটিহে ষ্টেডিয়ামৰ বাবে ব্যৱহৃত অৱস্থাত আছে আৰু বাকী ১৩ বিঘা ভূমি একাংশ স্থানীয় ব্যক্তিয়ে চাহ বাগিছা স্থাপন কৰি অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ।

টীয়কৰ মিনি ষ্টেডিয়াম বিতৰ্ক

উল্লেখ্য যে এই অভিযোগ টীয়ক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই মিছা বুলি অভিহিত কৰে আৰু ভূমি বেদখল সন্দৰ্ভত তথা প্ৰকৃততে কিয় বাৰম্বাৰ এই ভূমিক লৈ বিবাদ হৈ আহিছে তাক জনাবৰ বাবে ৮ অক্টোবৰ তাৰিখে ষ্টেডিয়াম প্ৰাঙ্গনতে এক সংবাদমেল সম্বোধন কৰি উক্ত অভিযোগ ভিত্তিহীন বুলি কৈ কেতবোৰ তথ্য ৰাজহুৱা কৰে । সন্থাই তথ্যসহ জনোৱা মতে ১৯৯৩ চনৰ পৰাই উক্ত ভূমিত একাংশ স্থানীয় শিক্ষিত যুৱকে কৰ্মসংস্থাপনৰ অৰ্থে হাবি-বন চাফা কৰি চাহগছ ৰোপণ কৰি খেতি কৰি আহিছে ।

তদুপৰি ষ্টেডিয়ামখন যেতিয়া ১৯৯৯ চনত উক্ত স্থানত স্থাপনৰ দিহা কৰিছিল তেতিয়া প্ৰথম অৱস্থাত চৰকাৰী ১০ লাখ টকাৰ অনুদান লাভ কৰিছিল আৰু সেই পুঁজিৰে ষ্টেডিয়ামখনৰ পূব-পশ্চিম দিশত পকী বেৰ নিৰ্মাণ কৰা হৈছিল যদিও সেই বেৰ কাগজ পত্ৰত হে ২৫ বিঘা বুলি সীমাবদ্ধ আছিল কিন্তু প্ৰকৃততে তাত প্ৰায় ১০ বিঘা ভূমি সামৰিহে চাৰিসীমাৰ বেৰ নিৰ্মাণ কৰা হৈছিল । পৰৱতী সময়ত পুনৰ এক চৰকাৰী পুঁজি আৱন্টন পোৱাত ৰাজহুৱা সভা পাতি ষ্টেডিয়ামৰ উপযোগী হোৱাকৈ এটা পৰিয়ালৰ নিজৰ মাটি এৰি দিয়ে । পাছত পৰিয়ালটোৰ প্ৰায় তিনি কঠা ভূমিৰ এটা চুক অব্যহৃত হৈ পৰে আৰু সেই ভূমিতে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই যোগাযোগ কৰি এটা স্থায়ী কাৰ্যালয় নিৰ্মাণৰ দিহা কৰে ।

বৰ্তমান খেতি কৰি থকা ভূমি তথা কাৰ্যালয়ৰ ভূমি যদি এৰি দিয়া হয় তথাপিও উক্ত স্থানত কোনো কাৰণতে ২৫ বিঘা ভূমি নোলাই বুলি দাবী কৰিছে সংগঠনটোৱে । উল্লেখযোগ্য যে কেৱল মাত্ৰ চৰকাৰী আঁচনি ধন আৱন্টনৰ বাবেহে ভূমি নথকাকৈয়ে পূৰ্বৰ পৰা আজিলৈকে ষ্টেডিয়ামৰ নামত ২৫ বিঘা ভূমি আছে বুলি প্ৰশাসন তথা যোৰহাট জিলা খেল বিভাগে মৌখিকভাৱে অৱগত কৰে যদিও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মেপত উক্ত ভূমিৰ কোনো চাৰিসীমাৰ নিৰ্দিষ্টকৈ নিৰ্ধাৰণ কৰা নাই বুলি অভিযোগ তুলিছে সংগঠনটোৱে ।

সেয়ে এইবাৰ ৰাজহুৱা সম্পত্তি তথা ক্ৰীড়া প্ৰকল্পটি স্থাপনৰ ক্ষেত্ৰত সংগঠনটোৱে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ ক্ৰীড়া বিভাগ তথা চৰকাৰক আহ্বান জনাইছে আৰু প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে সংগঠনটোৱে ।

লগতে পঢ়ক :অসম বিধানসভাৰ উপ নিৰ্বাচন: পাঁচটা সমষ্টিত ৩৯ গৰাকী প্ৰার্থীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.