ETV Bharat / state

ম’হৰ খুটিত ব্যস্ততা ম'হ পালকৰ... - ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

ৰঙালীৰ বতৰত টীয়কৰ বগৰীগুৰিৰ ম’হৰ খুটিত ব্যস্ততা ম'হ পালকৰ । অসমীয়া সমাজ জীৱনত বিহু বুলি ক’লেই সততে চকুলৈ অহা এখন ছবি । আঠা দৈ আৰু ঘৰৰ আপোন মানুহবোৰৰ সৈতে এসাঁজ জলপান ৷ সেয়ে বিহুক লৈ গুৱালৰ মাজত সীমাহীন ব্যস্ততা ম’হৰ খুটি সমূহত ।

ব্যস্ততাতাৰ অন্ত নাই গুৱালৰ....
ব্যস্ততাতাৰ অন্ত নাই গুৱালৰ....
author img

By

Published : Apr 12, 2021, 7:13 PM IST

টীয়ক,১২ এপ্ৰিল: অসমীয়াৰ পদূলিত এতিয়া হেঁপাহৰ ৰঙালী । সকলোতে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । কি গাঁও কি অঞ্চল সকলোতে এতিয়া পাৰভঙা উচাহ ৷ এই উচাহৰ মাজতে টীয়কৰ বগৰীগুৰিৰ ম’হৰ খুটিত গুৱালৰ মাজত সীমাহীন ব্যস্ততা । গুৱালৰ মুখত যেন আজি হাঁহি বিৰিঙি উঠিছে ৷ কাৰণ বিগত বৰ্ষত কৰ’ণা মহামাৰী বাবে ৰাজ্যত যি ভয়াৱহ পৰিস্থিতি হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত বিগত বছৰত হেঁপাহৰ বিহুটি উদযাপন কৰিব পৰা নাছিল ৰাজ্যবাসীয়ে । যাৰ ফলত গুৱালসকল সন্মুখীন হৈছিল বৃহৎ লোকচানৰ ৷

ব্যস্ততাৰ অন্ত নাই গুৱালৰ....

এইবাৰ বিহুত যদিও কৰ'ণাৰ কিছু প্ৰভাৱ আছে তথাপিও প্ৰশাসনৰ নীতি-নিৰ্দেশনাই কিছু আশা কঢ়িয়াইছে ৰাইজলৈ ৷ সেয়ে একপ্ৰকাৰ গাখীৰৰ খুঁটিসমূহত বাঢ়িছে ব্যস্ততা ৷ যিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ এক আশা কঢ়িয়াইছে ।

লগতে পঢ়ক: ৰঙিয়াত মহিলাই আৰম্ভ কৰিছে এখন বিশেষ বজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.