টীয়ক, 27 জুনঃ অসমৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত শুকুৰবাৰে সন্ধিয়া টীয়কত উপস্থিত হৈ বৃহত্তৰ কাৱৈমাৰী অঞ্চলৰ মথাউৰি পৰিদৰ্শন কৰে ৷ মাথাউৰি পৰিদৰ্শন কৰি অতি শীঘ্ৰেই মথাউৰিৰ কাষত ক্ৰংকিটৰ বেৰাকে ধৰি অনান্য ব্যৱস্থা গ্ৰহণ কৰি সমস্যা স্থায়ী সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে ।
উল্লেখযোগ্য যে টীয়ক সমষ্টিৰ কাৱৈমাৰীৰ লগতে ধনতুলা,বনাই নপমুৱা,কলিয়াপানী ডুবি আদি অঞ্চলৰ মাথাউৰি অতি দুৰ্বল হোৱাৰ হেতুকে বাৰিষা আগমণৰ লগে লগেই নৈপৰীয়া ৰাইজৰ জীৱন সংকটজনক হৈ পৰে । সেয়ে যিমান পাৰে সোনকালে উক্ত সমস্যা সমাধানৰ বাবে দীৰ্ঘদিন ধৰি অঞ্চলৰ ৰাইজে আহ্বান জনাই আহিছিল ৷ এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই মন্ত্ৰীগৰাকীয়ে নিজে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে উপস্থিত হয় ।
উক্ত কাৰ্যসূচীত টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা,অগপৰ যোৰহাট জিলাৰ সম্পাদক বিকাশ শইকীয়াৰ লগতে জলসম্পদ বিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়ায়।
লগতে পঢ়কঃ গহপুৰত বানে খহালে গড়কাপ্তানি পথৰ এছোৱা