ETV Bharat / state

ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিলে টীয়কৰ পদ্মনাভ বনিয়াই

author img

By

Published : Dec 29, 2020, 8:58 AM IST

Updated : Dec 29, 2020, 10:26 AM IST

কঠোৰ শাৰীৰিক পৰিশ্ৰম আৰু অধ্যৱসায় জৰিয়তে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম অন্তভুক্তি কৰিলে টীয়কৰ পদ্মনাভ বনিয়াই ৷ প্ৰয়াত দীপক দাস আৰু মনোজা দাসৰ সৰু পুত্ৰ পদ্মনাভৰ ঘৰ যোৰহাট জিলাৰ টীয়কৰ 4 নং ৱাৰ্ডত ৷

teok-india-book-of-records
ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিলে টীয়কৰ পদ্মনাভ বনিয়াই

টীয়ক, 29 ডিচেম্বৰ: ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম অন্তভুক্তিয়ে যোৰহাট জিলাৰ টীয়কৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে টীয়কৰ এজন উদীয়মান খেলুৱৈয়ে ৷ খেলুৱৈ জনৰ নাম হৈছে যোৰহাট জিলাৰ টীয়কৰ 4 নং ৱাৰ্ডৰ পদ্মনাভ বনিয়া ৷

উল্লেখ্য যে, এক মিনিটত 269 টা পাঞ্চেৰে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিবলৈ সক্ষম হৈছে পদ্মনাভে ৷ প্ৰয়াত দীপক দাস আৰু মনোজা দাসৰ সৰু পুত্ৰ পদ্মনাভে শাৰীৰিক পৰিশ্ৰম তথা অধ্যৱসায়ৰ জড়িয়তে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাই এতিয়া সমগ্ৰ টীয়কবাসীকে গৌৰাম্বিত কৰিছে ৷

লক ডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া সামগ্ৰীৰে শৰীৰ চৰ্চাৰ বিভিন্ন সজুলি প্ৰস্তুত কৰি নিয়মীয়াকৈ ব্যায়ামৰ লগতে নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা অব্যাহত ৰাখিছিল পদ্মনাভে ৷ সেয়েহে পদ্মনাভৰ এই সফলতাত গৌৰৱবোধ কৰি টীয়কৰ বিভিন্ন দল সংগঠন,অনুষ্ঠান তথা স্থানীয় লোকে খেলুৱৈগৰাকীৰ ঘৰত উপস্থিত হৈ সোমবাৰে সম্বৰ্দ্ধনা জনায় ৷

লগতে পঢ়ক:2021 বৰ্ষটো অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ বৰ্ষ হ'ব: লুৰিণ জ্যোতি গগৈ

Last Updated : Dec 29, 2020, 10:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.