ETV Bharat / state

আত্ম অনুশীলনেৰে লক্ষ্যৰ দিশে আগুৱাইছে টীয়কৰ মৃদুপৱন - জিম্মাষ্টিকৰ কৌশল

মনত আত্মবিশ্বাস থাকিলে লক্ষ্যৰ দিশত আগুৱাই যোৱাত কোনেও বাধা দিব নোৱাৰে ৷ সৰুৰে পৰা জিমনাষ্টিকৰ প্ৰতি আগ্ৰহী মৃদুপৱনৰ আৰ্থিক সমস্যা তথা উপযুক্ত প্ৰশিক্ষণৰ অভাৱত নিজৰ ইচ্ছা কলিতে মৰহি গৈছিল ৷ কিন্তু আজিৰ পৰা প্ৰায় তিনিবছৰমানৰ পৰা মোবাইলত অনলাইন আৰু ইউটিউবত জিমনাষ্টিকৰ কৌশল চাই ঘৰৰ ওচৰৰে পথাৰত অনুশীলন কৰিছে মৃদুপৱনে ৷

আত্ম অনুশীলনেৰে লক্ষ্যৰ দিশে আগুৱাইছে টীয়কৰ মৃদুপৱন

author img

By

Published : Oct 8, 2020, 4:44 PM IST

টীয়ক, 8 অক্টোবৰ : মনত আত্মবিশ্বাস থাকিলে লক্ষ্যৰ দিশত আগুৱাই যোৱাত কোনেও বাধা দিব নোৱাৰে ৷ এই কথা প্ৰমাণ কৰি দেখুওৱাইছে টীয়কৰ মৃদুপৱন শইকীয়াই ৷ সৰুৰে পৰাই জিমনাষ্টিকৰ প্ৰতি আগ্ৰহী মৃদুপৱনে আৰ্থিক সমস্যাক নেওচি আত্ম অনুশীলনেৰে নিজ লক্ষ্যৰ দিশে আগুৱাই গৈছে ৷

আত্ম অনুশীলনেৰে লক্ষ্যৰ দিশে আগুৱাইছে টীয়কৰ মৃদুপৱন

টীয়কৰ এজন উদীয়মান যুৱক মৃদুপৱন শইকীয়া । কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে প্ৰদৰ্শন কৰিছে এটাৰ পাছত আনটো জিমনাষ্টিক । সৰুৰে পৰা জিমনাষ্টিকৰ প্ৰতি আগ্ৰহী মৃদুপৱনৰ আৰ্থিক সমস্যা তথা উপযুক্ত প্ৰশিক্ষণৰ অভাৱত নিজৰ ইচ্ছা কলিতে মৰহি গৈছিল ৷ কিন্তু আজিৰ পৰা প্ৰায় তিনিবছৰমানৰ পৰা মোবাইলত অনলাইন আৰু ইউটিউবত জিমনাষ্টিকৰ কৌশল চাই ঘৰৰ ওচৰৰে পথাৰত অনুশীলন কৰি বৰ্তমান এই কলাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি এটাৰ পাছত আনটো জিমনাষ্টিকৰ কঠিন খেলৰ ভংগীমা প্ৰদৰ্শন কৰিছে । বৰ্তমান মৃদুপৱনৰ এই প্ৰতিভাই চ’ছিয়েল মিডিয়াত বহুলভাৱে চৰ্চা লাভ কৰিছে ।

উল্লেখযোগ্য যে টীয়কৰ দৰে অঞ্চলত জিমনাষ্টিকৰ প্ৰশিক্ষণৰ ব্যৱস্থাটো দূৰৰে কথা খেল খেলিবলৈকে এখন খেলপথাৰৰ অভাৱ। তথাপিও ঘৰৰ বাৰীৰ মুকলি স্থানত বা বিদ্যালয়ৰ খেলপথাৰতেই প্ৰতিকূল পৰিবেশত এই কঠিন ক্ৰীড়াৰ অনুশীলন কৰি গৈছে যুৱকজনে ।

মৃদুপৱনে আগন্তুক দিনত এজন সফল জিমনাষ্টিক খেলুৱৈ হোৱাৰ সপোন মনত পুহি ৰাখিছে । এই ক্ষেত্ৰত কোনো সদাশয় ব্যক্তিৰ সহায় আশা কৰিছে খেলুৱৈগৰাকীয়ে।

লগতে পঢ়ক: নেপাল সীমান্তত নিয়োজিত এছএছবি জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.