ETV Bharat / state

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পহিলা ব'হাগত নাই ভক্তৰ ভিৰ

author img

By

Published : Apr 14, 2020, 3:57 PM IST

এইবাৰ ব'হাগ বিহুত সম্পূৰ্ণ বিপৰীত দৃশ্য ঢেকীয়াখোৱা বৰনামঘৰত । লকডাউনৰ বাবে নাই কোনো জনসমাগম । সমস্ত মানৱ জাতিৰ বাবে শৰাই আগবঢ়াব নামঘৰ পৰিচালনা সমিতিয়ে ।

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পহিলা বহাগত নাই ভক্ত

টীয়ক, 14 এপ্ৰিলঃ আজি পহিলা ব'হাগ । বিগত বছৰ সমূহত দেখা গৈছিল ব'হাগৰ এই প্ৰথম দিনটোত ভক্তই ভীৰ কৰে মঠ মন্দিৰ সমূহত । ব্যতিক্ৰম নাছিল মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা স্থাপিত যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰনামঘৰো । পুৱাৰ পৰাই ভক্তৰ সমাগমে ঐতিহাসিক বৰনামঘৰ প্ৰাঙ্গন মুখৰিত হৈছিল । কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য ঢেকীয়াখোৱা বৰনামঘৰত ।

কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত থকা লক ডাউনৰ বাবে নামঘৰ পৰিচালনা সমিতিয়েও ভক্তৰ বাবে বন্ধ ৰখাৰ বাবে প্ৰায় জনশূণ্য নামঘৰটোৰ পৰিৱেশ ।

ঢেকীয়াখোৱা বৰনামঘৰত পহিলা ব'হাগত নাই ভক্তৰ ভিৰ

অৱশ্যে পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ সীমিত সংখ্যক ভকত বৈষ্ণৱৰ সহযোগত নীতি নিয়মভাগ জাতিটোৰ কল্যাণৰ বাবে অব্যাহত ৰাখিছে নামঘৰ পৰিচালনা সমিতিয়ে । সোমবাৰে গৰু বিহুৰ দিনা সমস্ত জীৱ জন্তুৰ বাবে এখনি শৰাই আৰু আজি সমস্ত মানৱ জাতিৰ কল্যাণৰ হকে এখনি ৰাজহুৱা শৰাই দিয়াৰ দিহা কৰিছে পৰিচালনা সমিতিয়ে ।

উল্লেখযোগ্য যে, ইতিমধ্যে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু কৰ্মচাৰী পৰিষদে প্ৰায় ৩০০ ৰো অধিক খাদ্যৰ টোপোলা অঞ্চলটোৰ আৰ্তসকলক প্ৰদান কৰি COVID-19 ৰ বিৰুদ্ধে যুঁজত সহায় কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.