ETV Bharat / state

টীয়কত কা বিৰোধী প্ৰতিবাদ সাব্যস্ত - Protest against CAA

টীয়কৰ কলিয়াপানীৰ আদৰ্শ গাঁৱত আয়োজন কৰা ক্ৰিকেট প্ৰতিযোগিতাত খেলপথাৰৰ চাৰিসীমাত নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্ল'গান লিখি প্লেকাৰ্ডসমূহ ওলোমাই থোৱা দেখা যায় । বিষয়টো ন্যায়ালয়ৰ মজিয়া পোৱাৰ পিছতো টীয়কত বিভিন্ন দল-সংগঠন একত্ৰিত হৈ অনুষ্ঠিত কৰে প্ৰতিবাদী সভা ৷

টীয়ক
কা বিৰোধী প্ৰতিবাদ
author img

By

Published : Jan 27, 2020, 11:08 AM IST

টীয়ক,27 জানুৱাৰীঃ টীয়কত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে তীব্র প্ৰতিবাদ। আইনখনৰ বিষয়টো ন্যায়ালয়ৰ মজিয়া পোৱাৰ পিছতো টীয়কত বিভিন্ন দল-সংগঠন একত্ৰিত হৈ অনুষ্ঠিত কৰে প্ৰতিবাদী সভা ৷ টীয়কৰ কলিয়াপানীৰ আদৰ্শ গাঁৱত আয়োজন কৰা ক্ৰিকেট প্ৰতিযোগিতাত খেলপথাৰৰ চাৰিসীমাত 'কা' বিৰোধী শ্ল'গান লিখি প্লেকাৰ্ডসমূহ ওলমাই থোৱা দেখা যায় । খেলৰ সমান্তৰালকৈ আইনখনৰ বিৰোধিতা কৰা ঘটনাই গ্ৰামাঞ্চলৰ ৰাইজৰ আইনখন সম্পৰ্কে সচেতনতাক প্ৰমাণ কৰিছে ৷ দেশ থাকিলেহে খেলুৱৈ থাকিব বুলি মন্তব্য কৰি ক্ৰীড়াৰ মাজেৰে এইসকল খেলুৱৈয়ে আন্দোলনটো চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে চাওকঃকোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে

Intro:Body:টীয়কৰ খেলপথাৰতো কা ৰ বিৰোধত ব্যতিক্ৰমী আন্দোলন /খেলপথাৰৰ চৌপাশে ওলমালে কা বিৰোধী প্লেকাৰ্ড
TEOK :নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্যতে অব্যাহত আছে তীব্র প্ৰতিবাদ । ন্যায়ালয়ত এই আইনৰ বিৰুদ্ধে যুজঁ অব্যাহত ৰখাৰ সমান্তৰালভাৱে ৰাজপথত বিভিন্ন দল সংগঠনে এই আইনৰ ভয়াবহতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে সভা অনুষ্ঠিত কৰাৰ উপৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি উত্তাল কৰি তুলিছে পৰিৱেশ । কা বিৰোধী এই প্ৰতিবাদ এতিয়া কেৱল গাঁও চহৰৰ ৰাজপথতে সীমাবদ্ধ থকা নাই ।খেল পথাৰতো ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে ।টীয়কৰ কলিয়াপানীৰ আদৰ্শ গাঁৱত আয়োজন কৰা ক্ৰিকেট প্ৰতিযোগিতাত দেখা গ'ল খেল পথাৰৰ চাৰিসীমাত কা বিৰোধী শ্লগান লিখা প্লেকাৰ্ড ।খেল অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ কা বিৰোধিতা কৰা এই ঘটনাই প্ৰমাণ কৰিছে যে গ্ৰাম্যাঞ্চলত কা ক লৈ ৰাইজ কিমান সচেতন।দেশ থাকিলেহে খেলুৱৈ থাকিব বুলি মন্তব্য কৰি ক্ৰীড়াৰ মাজেৰেই এইসকল খেলুৱৈ তথা ক্ৰীড়াপ্ৰেমীয়ে সদায় কা বিৰোধী আন্দোলন এইদৰেই চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.