টীয়ক, ৫ ফেব্ৰুৱাৰী: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানমৰ্মে শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । টীয়কত পেট্ৰ'ল, ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল কলিয়াপানী ব্লক কংগ্ৰেছ কমিটীৰ কৰ্মীসকল ।
টীয়কৰ জগদুৱাৰ তেল ডিপো চৌহদত কলিয়াপানী ব্লক কংগ্ৰেছ কমিটী আৰু ভাতৃ সংগঠনে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান সম্বলিত প্লে'কাৰ্ড প্ৰদৰ্শন কৰি শীঘ্ৰে পেট্ৰ'ল, ডিজেলৰ বৰ্দ্ধিত মূল্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় । লগতে ইন্ধনৰ বৰ্দ্ধিত মূল্য নিয়ন্ত্ৰণ কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক:ইকো-টুৰিজিম সংবৰ্ধনৰ লক্ষ্যৰে মুকলি "প্ৰজেক্ট যাযাবৰ"