ETV Bharat / state

টীয়কত বহাগী মেলা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত অসমী বহাগী মেলা নামেৰে এক প্ৰদৰ্শনীৰ কাৰ্যসূচী অনুস্থিত হৈছে । মেলাত বহুকেইটা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷

author img

By

Published : Apr 13, 2021, 2:07 PM IST

টীয়কত বহাগী মেলা
টীয়কত বহাগী মেলা

টীয়ক, 13 এপ্ৰিল: টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডত বিহুৰ উপলক্ষে বহাগী মেলা প্ৰদৰ্শন ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত এই অসমী বহাগী মেলা অনুষ্ঠিত কৰা হয় ।

মেলাখনত বহুকেইটা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷ অংশগ্ৰহণকাৰী গোট কেইটাৰ মহিলাসকলে ঘৰতে তৈয়াৰী বিভিন্ন পিঠা, মুৰি, আখৈ, দৈ, ক্ৰীম, পনীৰ, লাৰু আদি খাদ্যবস্তু মেলাখনত বিক্ৰী কৰাৰ লগতে অসমীয়া শিপিনীয়ে বোৱা থলুৱা সাজপাৰ আৰু কেঁচা জৈৱিক শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰিছে ৷ এই বজাৰে অৰ্থনৈতিকভাৱে মহিলাসকলক স্বাৱলম্বী কৰিছে বুলি মন্তব্য কৰে উদ্যোক্তা সকলে ৷

উল্লেখ্য যে, মেলা প্ৰাংগণতে স্থানীয় সহিলা সকলৰ বাবে শুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে এখন মঞ্চ স্থাপন কৰি এক সাংস্কৃতিক পৰিবেশ গঢ়ি তুলাৰো চেষ্টা কৰা পৰিলক্ষিত হয় । মহিলাসকলৰ এই পদক্ষেপক সকলোৱে জনাইছে আদৰণী ।

লগতে পঢ়ক:বাঁহেৰে উজ্লি উঠিছে অসমীয়াৰ স্বাভিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.