ETV Bharat / state

পুনৰ ওলাল চৰকাৰী কৰ্মচাৰীৰ প্ৰকৃত স্বৰূপ - পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী

দুৰ্গা পূজাৰ বন্ধ আৰম্ভ নোহোৱাতেই টীয়কৰ কলীয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ত নাই বিষয়া-কৰ্মচাৰী ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে ন্যায্য প্ৰাপ্তিৰ দাবীত চতুৰ্থ দিনাও কৰ্মবিৰতি পালন কৰিছে যদিও এই পৰ্যন্ত চৰকাৰৰ কোনো সহাঁৰি লাভ কৰা নাই ৷

পুনৰ ওলাল চৰকাৰী কৰ্মচাৰীৰ প্ৰকৃত স্বৰূপ
author img

By

Published : Oct 4, 2019, 5:45 PM IST

যোৰহাট, 4 অক্টোবৰঃ দুৰ্গা পূজাৰ বন্ধ আৰম্ভ হোৱাৰ আগতেই টীয়কৰ কলীয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ত নাই বিষয়া-কৰ্মচাৰী ৷ অসম চৰকাৰৰ একাংশ দায়িত্বহীন কৰ্মচাৰীয়ে নিজে নিজে চুটী ঘোষণা কৰি ব্যস্ত হৈ পৰিছে পূজাৰ আনন্দত ৷ ষষ্ঠী পূজাৰ দিনা অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যালয় কলীয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ৰ 14 জন স্থায়ী কৰ্মচাৰীৰ মাত্ৰ 2 জনৰহে উপস্থিত থকা দেখিবলৈ পোৱা যায় ৷ দুপৰীয়া 12 বজাত উপস্থিত হোৱা একাংশ কৰ্মচাৰী সাংবাদিকৰ কেমেৰা দেখি অস্বস্তিত পৰা পৰিলক্ষিত হয় ৷

পুনৰ ওলাল চৰকাৰী কৰ্মচাৰীৰ প্ৰকৃত স্বৰূপ

ইফালে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে ন্যায্য প্ৰাপ্তিৰ দাবীত চতুৰ্থ দিনাও কৰ্মবিৰতি পালন কৰিছে যদিও এই পৰ্যন্ত চৰকাৰৰ কোনো সহাঁৰি লাভ কৰা নাই ৷ মুঠতে উন্নয়ন খণ্ডৰ একাংশ স্থায়ী কৰ্মচাৰীয়ে নিজে বন্ধ লোৱাৰ বিপৰিতে এফালে ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে যাৰ ফলস্বৰূপে দুৰ্ভোগ ভোগ কৰিছে সাধাৰণ জনতাই ৷

Intro:Body:ষষ্ঠীৰ দিনাই পূজা লাগিল চৰকাৰী কৰ্মচাৰীৰ গাত/টীয়কৰ কলীয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ত নাই বিষয়া-কৰ্মচাৰী
TEOK: আজি মহা ষষ্ঠী।আজি দেবী পাতত তুলিব আৰু কালিলৈ পৰা পূজা আৰম্ভ লগতে কালিলৈ পৰা পূজাৰ বন্ধও আৰম্ভ।কিন্তু আজি ষষ্ঠীৰ পৰা এচাম অসম চৰকাৰৰ দায়িত্বশীল কৰ্মচাৰীয়ে নিজে নিজে চুটি ঘোষণা কৰি ব্যস্ত হৈ পৰিছে পূজাৰ আনন্দত।হয় আজি দুপৰীয়া প্ৰায় ১২ বজালৈকে অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যালয় কলীয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ত স্হায়ী ১৪ জন কৰ্মচাৰীৰ মাত্ৰ দুজনহে উপস্থিত আছে।কেমেৰাৰ সন্মুখত এইজন এজন কলীয়াপানী উন্নয়ন খণ্ডৰ গ্ৰাম সেৱক।কেমেৰা দেখি আহো নাহোকে কাৰ্যালয়লৈ সোমাই আহিছে।তেওঁ হেনো বাহিৰে বাহিৰে কোষাগাৰত সোমাই বিলৰ কাম কৰি অহাত দেৰি হৈছে বুলি মন্তব্য কৰিছে।পিছে কাৰ্যালয়ৰ ফাইলৰ বোজাত ঘড়ী চাবলৈও তেওঁ অপাৰক।লগে লগে কেমেৰাৰ সন্মুখতে ৰেজিষ্টাৰত উপস্থিতিৰ চহী মাৰি আজৰি হৈ কামত ব্যস্ত এইজন দায়িত্বশীল কৰ্মচাৰী।পিছে তেওঁ ৰেজিষ্টাৰ লুটিয়াওতেই ঘটিল অঘটনটো।যোৱা চেপ্তেম্বৰ মাহত ৩১ তাৰিখেও তেওঁ উপস্থিতিৰ চহী মৰা আছে।কেৱল তেৱেঁই নহয় ৩১ চেপ্তেম্বৰত চহী মৰা লগত আৰু তিনিজনো আছে।পিছে পাছত চহীটো ভুলতে মৰা হৈছিল বুলি নিজ মুখে স্বীকাৰ কৰে।এতিয়া প্ৰশ্ন হয় যিসকল কৰ্মচাৰীক লৈ চৰকাৰখনে গ্ৰাম্যাঞ্চল উন্নয়নৰ বিভিন্ন আঁচনি হাতত লৈছে তেওঁলোকে মাহটোত কিমান দিন গমকে নাপায়।গতিকে কি উন্নয়ন হৈছে বা হ'ব সেয়া ইতিমধ্যে সকলোৱে বুজিব পাৰিছে।ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে ন্যাৰ্য প্ৰাপ্তিৰ দাবীত আজি চতুৰ্থ দিনাও কৰ্মবিৰতি পালন কৰিছে।চাৰিটাকৈ দিন কৰ্মবিৰতিৰ পাছতো চৰকাৰৰ পৰা এই পৰ্যন্ত কোনো সহাৰি লাভ কৰা নাই ঠিকাভিত্তিক কৰ্মচাৰীসকলে।এতিয়া মুঠতে উন্নয়ন খণ্ডৰ স্হায়ী কৰ্মচাৰীয়ে নিজে বন্ধ দি এফালে পূজা পাতিছে আৰু ঠিকাভিত্তিক সকলে কৰ্মবিৰতি পালন কৰিছে যাৰ ফলস্বৰূপে কাৰ্যালয় কাম কাজ স্হবিৰ হৈ পৰিছে আৰু ইয়াৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.