ETV Bharat / state

টীয়কৰ বানেগৰকা জাঁজীমুখত নাই ভোগালীৰ উচাহ - মথাউৰিত অস্থায়ীভাৱে বাস কৰি থকা

টীয়কৰ জাজীমুখবাসীয়ে এইবাৰ পালন নকৰে হেপাহৰ ভোগালী বিহু ৷ বাৰিষাৰ বাঢ়নী পানীয়ে খেতি-পথাৰ নষ্ট কৰাৰ বাবে অঞ্চলবাসীয়ে এইবাৰ বিহু পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

teok bihu
টীয়কৰ বানেগৰকা জাঁজীমুখত নাই ভোগালীৰ উচাহ
author img

By

Published : Jan 11, 2021, 12:12 PM IST

টীয়ক,11জানুৱাৰী: ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি । কিন্তু তাৰ মাজতে ব্যতিক্ৰম বানে গৰকা টীয়কৰ জাঁজীমুখ ৷ দীৰ্ঘদিন ধৰি জাজীমুখৰ মথাউৰিৰ ওপৰত বসবাস কৰা লোকসকলে এইবাৰ পালন নকৰে হেপাহৰ ভোগালী বিহু । কাৰণ বাৰিষাৰ বলীয়া বানত খেতি-পথাৰ সকলো নষ্ট হোৱাত ভোগৰ উৎসৱত ভোগ কৰিবলৈ অসমৰ্থ এতিয়া গাঁওবাসী ৷ যাৰ বাবে গাঁওবাসীয়ে বিহু পালন নকৰাৰ সিদ্ধান্ত লৈছে ৷

উল্লেখ্য যে, ২০০২ চনতে গাঁওখনৰ বহুকেইটা পৰিয়ালৰ ঘৰ, মাটি সকলো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছিল ৷ তেতিয়াৰ পৰাই মথাউৰিত অস্থায়ীভাৱে বাস কৰি থকা পৰিয়াল কেইটাই হেপাঁহেৰে উদযাপন কৰিব পৰা নাই প্ৰতিটো বিহু । এইবাৰো এইসকল লোকৰ মাজত নাই ভোগালীক আদৰাৰ কোনো প্ৰস্তুতি । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সৰ্বস্ৰান্ত হোৱা লোকসকলৰ নাই ভোগালীৰ বাবে কোনো উৎসাহ ৷

অন্য এক খবৰৰ বাবে: কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা কয়দীৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.