ETV Bharat / state

টীয়কত গাঁও পঞ্চায়তৰ প্ৰশংসনীয় কাৰ্য - টীয়কৰ কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ অধীনস্থ ভগামুখ গাঁও পঞ্চায়ত

টীয়কৰ কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ অধীনস্থ ভগামুখ গাঁও পঞ্চায়তৰ তত্বাৱধানত মীন পালনৰ এক অভিলাষী আঁচনিৰ শুভাৰম্ভণি ৷

teok-bhogamukh-gao-panchayat-great-intiatitive
টীয়কত গাঁও পঞ্চায়তৰ প্ৰশংসনীয় কাৰ্য
author img

By

Published : Jun 4, 2020, 9:16 PM IST

টীয়ক, 4 জুনঃ টীয়কৰ কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ অধীনস্থ ভগামুখ গাঁও পঞ্চায়তৰ তত্বাৱধানত মীন পালনৰ এক অভিলাষী আঁচনিৰ বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেবানন্দ দাসে। এই উপলক্ষে মৰিজাঁজী আঞ্চলিক শ্ৰী শ্ৰী হৰিদেৱ কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত দেবানন্দ দাসৰ উপৰিও টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আকাশী দুৱৰা,কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূণ্য কোঁচ,জিলা পৰিষদৰ সদস্যা ববিতা গগৈ,ভগামুখ গাঁও পঞ্চায়তৰ সভাপতি মেঘালী বৰাকে ধৰি কলাক্ষেত্ৰৰ বিষয়ববীয়া সহ স্থানীয় বহু লোক উপস্থিত থাকে ।

টীয়কত গাঁও পঞ্চায়তৰ প্ৰশংসনীয় কাৰ্য

উল্লেখযোগ্য যে,ভগামুখ গাঁও পঞ্চায়তে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আইনৰ অধীনত আঠ লাখ টকা ব্যয়ৰে গ্ৰহণ কৰা এই মীন পালন আঁচনিখন ৰূপায়ণ হ'ব হৰিদেৱ কলাকৃষ্টি কেন্দ্ৰৰ পৰিচালনা সমিতি আৰু ভগামুখ গাঁও পঞ্চায়তৰ যুটীয়া উদ্যোগত। প্ৰথম পৰ্যায়ত বৃহস্পতিবাৰে প্ৰায় দুশৰো অধিক বিভিন্ন প্ৰজাতিৰ মাছ জলাশয়ত মেলি দিয়া হয় আৰু এই আঁচনিয়ে অনাগত দিনত গ্ৰাম্যাঞ্চলত স্বাৱলম্বিতাৰ পথ সুগম কৰিব বুলি সকলোৱে আশা কৰিছে।
লগতে পঢ়কঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.