টীয়ক,1আগষ্টঃ বাঁহীৰ সুৰে মন সাঁত পেলায় সকলোৰে,নিজানত বজোৱা বাঁহীৰ বুলনিত সাঁত পৰি যায় অন্তৰ, শাওণৰ পথাৰত কঠিয়া ৰোৱাত ব্যস্ততা এতিয়া প্ৰতিটো গ্ৰামাঞ্চলত। পুৱতি নিশাতে উঠি পথাৰত ওৰেটো দিন বোকা পানীৰ মাজত,প্ৰখৰ ৰ'দৰ তাপত শৰীৰ মন ব্যাকুলতাৰে ভৰি থকা অৱস্থাত ৰোৱনী তথা কৃষকসকলৰ অকণমান হ'লেও মনোবল বৃদ্ধি কৰিবলৈ পথাৰত বজাইছে এটাৰ পাছত এটা জনপ্ৰিয় চহা কৃষকৰ লগত খাপখোৱা বাঁহীৰ সুৰ ৷ স্বভাৱজাত বাঁহী বাদক টীয়কৰ ৰজাবাৰীৰ ভৰত হাজৰিকাই।
বোকা পানী তথা কৃষিকৰ্মৰ ব্যস্ততাৰ মাজতে মৰমৰ বাঁহীটোত আঙুলি বুলাই সকলোকে আকৰ্ষণ কৰিছে ভৰতে। সৰুৰে পৰা বাঁহী বজোৱাৰ প্ৰতি দুৰন্ত হেপাহ থকা ভৰত হাজৰিকা আজি এজন প্ৰতিষ্ঠিত বাঁহী বাদক হৈ পৰিছে ৷ জীৱনৰ বহু ঘাত প্ৰতিঘাটৰ মাজেৰে ২০০৫ চনত যোৰহাট চেনী জানৰ প্ৰদীপ খাউণ্ডৰ তত্বাৱধানত বাঁহী বিষয়ত বিশাৰদ লাভ কৰি জিলাখনৰ ভিতৰতে প্ৰথমজন বিশাৰদ বাঁহী বাদক হিচাপে চিনাকী দি পৰৱৰ্ত্তী সময়ত উচ্চ শিক্ষাৰ বাবে অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন জনপ্ৰিয় বাঁহী বাদক দীপক শৰ্মাৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰাৰ লগতে বিশ্ব বিখ্যাত পণ্ডিত হৰি প্ৰসাদ চৌৰাছিয়াৰ বৃন্দাবন গুৰুকুলত শিক্ষা লাভ কৰিলে ভৰতে হাজৰিকাই । অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে বিভিন্ন অনুষ্ঠানত বাঁহী পৰিৱেশন কৰি জনপ্ৰিয় হৈ ভৰতে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত বাঁহী বজাই নিজৰ প্ৰতিভাৰ চিনাকী দিছে। অৱশ্যে বৰ্তমান তেওঁ বাঁহী প্ৰশিক্ষণ দিয়াতহে ব্যস্ত হৈ পৰিছে বুলি মন্তব্য কৰি আজিলৈকে দেশী-বিদেশী শিক্ষাৰ্থীকে ধৰি এহেজাৰতকৈ অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ দিছে বুলি জানিবলৈ দিছে।
ইপিনে বাঁহী বজোৱাৰ সমান্তৰালকৈ ভৰতে থলুৱাভাৱে বাঁহী নিৰ্মাণৰ ক্ষেত্ৰতো অধিক গুৰুত্ব প্ৰদান কৰি বৰ্তমান শিৱসাগৰৰ জামুগুৰিত গঢ়ি উঠা বাঁহী নিৰ্মাণ কৰা শিল্পীক আগুৱাই যোৱাত সহায়ৰ হাত আগবঢ়াই স্বাৱলম্বী কৰাবলৈ চেষ্টা কৰিছে। প্ৰায় এশৰো অধিক সৰু বৰ বাঁহীৰ ভিতৰত লণ্ডনত নিৰ্মিত এক বিশেষ বাঁহী বজাই ভৰতে,যাৰ বজাৰ মূল্য প্ৰায় ২৭০০০টকা। যিহেতু সকলোৰে পক্ষে ইমান দামী বাঁহী ক্ৰয় কৰিবলৈ ক্ষমতা নাথাকে সেয়ে ভৰতে ইতিমধ্যে থলুৱা শিল্পী তনুশ্যাম শইকীয়াৰ হতোৱাই নিজৰ তত্বাৱধানত লণ্ডনত নিৰ্মিত বাঁহীৰ লগত ফেৰ মাৰিব পৰাকৈ মাত্ৰ ৩০০০ টকাত নিৰ্মাণ কৰি উলিয়াইছে যিটোৱে এতিয়া সমাদৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে । লক ডাউনৰ বাবে যিহেতুকে তেওঁৰ সংগীত বিদ্যালয় তথা অনান্য অনুষ্ঠানত বন্ধ হৈ আছে সেইয়ে ভৰতে এইবাৰ খেতিতে নিজৰ সকলো সময় অতিবাহিত কৰিছে যদিও খেতিৰ মাজতে পথাৰত নিজৰ লগত অনবৰতে থোৱা বাঁহী বজাই নিজৰ হেপাঁহ পূৰণ কৰিছে। ভৰত দৃঢ় বিশ্বাসী যে বাঁহী জীৱনৰ পেচা হ'ব পাৰে। আজিৰ তাৰিখত বহু বাঁহী বাদকে নিজ প্ৰতিভাৰ বলত প্ৰতিষ্ঠা লাভ কৰি সুন্দৰকৈ পৰিয়াল পোহ-পাল দি আছে। ভৰতৰ এই প্ৰতিভা আৰু আগুৱাই যাওক,অসম তথা ভাৰতলৈ বাঁহীৰ জৰিয়তে গৌৰৱ কঢ়িয়াই আনিব বুলি সকলো আশাবাদী ৷
লগতে পঢ়কঃ বাঁহীৰ সুৰৰ দৰে সুৰীয়া নহ'ল অশ্বিনী শইকীয়াৰ জীৱন যাত্ৰা