টীয়ক, 10 মে’ : কোম্পানী অধীনস্থ চাহ বাগিছাত ক’ভিড সতৰ্কতাক অৱলম্বন কৰিবলৈ আহ্বান জনাই টীয়কৰ চেলংহাট হেল্থ ক্লাৱৰ হৈ সমাজকৰ্মী তুষাৰ পালে জিলা উপায়ুক্তলৈ সোমবাৰে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ কোম্পানীৰ অধীনস্থ বাগিছাসমূহত কোনো সামাজিক দূৰত্ব নমনা, চৰকাৰী নিৰ্দেশনা অৱমাননা কৰি ২ বজাৰ পাছতো শ্ৰমিকক কামত নিয়োজিত কৰা আদিকৰি কোনোধৰণৰ সতৰ্কতা অৱলম্বনৰ ক্ষেত্ৰত কোম্পানীসমূহে চৰকাৰক সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই ।
লগতে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰতো নিদিৰ্ষ্ট নিৰ্দেশনা নথকাৰ সুযোগ লৈ একাংশ শ্ৰমিক কৰ্মচাৰীক প্ৰদানত ব্যাঘাতৰ সৃষ্টি হৈছে যি অনাগত দিনত বাগিছা অঞ্চলসমূহত ক’ভিডৰ গণ সংক্ৰমণৰ তীব্ৰ সম্ভাৱনা জগাই তুলিব বুলি আশংকা প্ৰকাশ কৰিছে । সেয়ে উপায়ুক্তই চৰকাৰী ক’ভিড সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা কোম্পানীসমূহক অৱলম্বন কৰিবলৈ বাধ্য কৰাই বিশেষকৈ সহজ সৰল শ্ৰমিকসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : লেঙেৰীজান চাহ বাগিচাত বহিঃলোকৰ প্ৰৱেশ নিষিদ্ধ