ETV Bharat / state

বাঁহত ত্ৰিৰংগা অংকণ এগৰাকী কুটীৰ শিল্পীৰ - অবিনাশ হাজৰিকা

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত টীয়কৰ কুটীৰ শিল্পী অবিনাশ হাজৰিকাই আকৰ্ষণীয় ৰূপত বাঁহেৰে তৈয়াৰ কৰিছে ত্ৰিৰংগা

বাঁহত ত্ৰিৰংগা অংকণ এগৰাকী কুটীৰ শিল্পীৰ
author img

By

Published : Aug 4, 2019, 11:35 AM IST

টীয়ক, 4 জুলাইঃ টীয়কৰ এজন কুটীৰ শিল্পী অবিনাশ হাজৰিকা এক অনন্য প্ৰয়াস৷ আকৰ্ষণীয় ৰূপত বাঁহেৰে তৈয়াৰ কৰিছে ৰাষ্ট্ৰীয় পতাকা৷ প্ৰতিজন ভাৰতীয়ৰ স্বকীয়তা এই পতাকা যাতে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যালয়ৰ লগতে আন সকলোস্থানতেই ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে বাঁহেৰে পতাকা তৈয়াৰ কৰিছে শিল্পী গৰাকীয়ে ৷ কেৱল সেয়াই নহয় ম'বাইল ফোন , কলম আদি ৰাখিব পৰাকৈ ভাৰতীয় পতাকাৰ ষ্টেণ্ড তৈয়াৰ কৰিছে শিল্পীগৰাকীয়ে ৷ শিল্প প্ৰতিভাৰে নিপুণ ভাৱে প্ৰায় দুমাহ ধৰি কৰি থকা এই কামক আদৰণি জনাইছে অঞ্চলবাসীয়ে৷ আনহাতে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এহেজাৰ পতাকা নিৰ্মাণ কৰাৰ লক্ষ্যৰে দিন ৰাতি একাকাৰ কৰি কাকজান কমাৰখাটোৱাল স্থিত বাসগৃহত পৰিয়ালৰ সৈতে ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী ৷

বাঁহত ত্ৰিৰংগা অংকণ এগৰাকী কুটীৰ শিল্পীৰ

উল্লেখ্য যে, হাজৰিকাই ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় দলীত সাহিত্য একাডেমীৰ দ্বাৰা ২০১৭ বৰ্ষৰ ভীমৰাও আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল'শ্বীপ বঁটাও লাভ কৰে৷ টীয়কৰ মাজমজিয়াত পাঞ্চজন্য কুটীৰ উদ্যোগ নামেৰে এক প্ৰতিষ্ঠান খুলি হস্ত নিৰ্মিত সামগ্ৰী সমূহ বিক্ৰী কৰি বহুজনক সংস্থাপন দিছে অবিনাশ হাজৰিকাই৷ পতাকাৰ উপৰিও শিল্পী হাজৰিকাই বাঁহ - কাঠ , পেলনীয়া সামগ্ৰীৰ জৰিয়তে তৈয়াৰ কৰিছে নিত্য ব্যৱহাৰ্য ন ন সামগ্ৰী৷

Intro:Body:সমাগত স্বাধীনতা দিৱস : টীয়কৰ কুটীৰ শিল্পী অবিনাশ হাজৰিকা ব্যস্ত বাঁহৰ পতাকা নিৰ্মাণত
TEOK : স্বাধীনতা দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত বিপনীসমূহত ভাৰতীয় পতাকাই লাভ কৰিছে বিশেষ সমাদৰ ৷ ইয়াৰ মাজতে সৃষ্টিশীল প্ৰতিভাৰে বাঁহত ত্ৰিৰংগাৰ সুন্দৰ অংকণৰে পতাকা আকৰ্ষণীয় ৰূপত তৈয়াৰ কৰি তুলিছে টীয়কৰ কুটীৰ শিল্পী অবিনাশ হাজৰিকাই ৷ প্ৰতিজন ভাৰতীয়ৰ স্বকীয়তা এই পতাকা যাতে ব্যক্তিয়ে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যালয় , গাড়ীত ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে তৈয়াৰ কৰিছে শিল্পী গৰাকীয়ে ৷ শিল্পীগৰাকীয়ে এই কৰ্মৰাজিৰ লগতে কাপোৰৰ পতাকা নিৰ্মাণ কৰাৰ লগতে ম'বাইল ফোন , কলম আদি ৰাখিব পৰা ভাৰতীয় পতাকাৰ ষ্টেণ্ড বাঁহেৰে গঢ় দিছে ৷ শিল্প প্ৰতিভাৰে নিপুণ ভাৱে প্ৰায় দুমাহ ধৰি কৰি থকা এই কামক আদৰণি জনাইছে অঞ্চলবাসীয়ে৷ এক হাজাৰ পতাকা আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিৰ্মাণ কৰাৰ লক্ষ্যৰে প্ৰায় প্ৰতিদিনেই দিন ৰাতি একাকাৰ কৰি কাকজান কমাৰখাটোৱাল স্থিত বাসগৃহত পৰিয়ালৰ সকলো ব্যস্ত হৈ পৰিছে ৷ উল্লেখযোগ্য যে হাজৰিকাই ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় দলীত সাহিত্য একাডেমীৰ দ্বাৰা ২০১৭ বৰ্ষৰ ভীমৰাও আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল'শ্বীপ বঁটাও লাভ কৰে৷ইয়াৰ উপৰি ব্যক্তিজনে অসমৰ বহু ঠাইত স্বনিৰ্ভৰশীলতাৰ ওপৰত প্ৰশিক্ষণ দি ৰাইজৰ মাজত পৰিচিত হৈ পৰাৰ লগতে বহুতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৯৯৬ চনৰ পৰা বৰ্তমানলৈকে টীয়কৰ মাজমজিয়াত পাঞ্চ্যজন্য কুটীৰ উদ্যোগ নামে নিজাববীয়াকৈ নিজৰ হাতৰ পৰশৰত নিৰ্মিত সামগ্ৰী বিক্ৰী কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে বহুজনক সংস্থাপন দিছে অবিনাশ হাজৰিকাই৷ পতাকাৰ উপৰিও শিল্পী হাজৰিকাই বাঁহ - কাঠ , পেলনীয়া সামগ্ৰীৰ জৰিয়তে তৈয়াৰ কৰিছে নিত্য ব্যৱহাৰ্য ন ন সামগ্ৰী৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.