ETV Bharat / state

Scam in PDS rice in Jorhat:চিনামৰা চাহ বাগিচাত তিনিমাহে চাউল নোপোৱাত উত্তপ্ত পৰিস্থিতি - Garhmur Tea Garden Panchayat Co operative Society

সমবায় সমিতিৰ সম্পাদক আৰু সুলভমূল্যৰ দোকানীৰ মাজত চলিছে অভিযোগ প্ৰতি-অভিযোগৰ প্ৰতিযোগিতা । প্ৰাপ্য ৰেচনৰ পৰা বঞ্চিত শ্ৰমিক ।

Garhmur Tea Garden Panchayat Co operative Society
গড়মূৰ চাহ বাগিচা পঞ্চায়ত সমবায় সমিতি
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:18 PM IST

গড়মূৰ চাহ বাগিচা পঞ্চায়ত সমবায় সমিতি

যোৰহাট, ২৯ ছেপ্টেম্বৰঃ যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত শুক্ৰবাৰে সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ । সুলভ মূল্যৰ চাউল তিনিমাহ ধৰি চাহ শ্ৰমিক ৰাইজে নোপোৱাৰ অভিযোগ তুলি চাহ বাগিছাৰ সুলভমূল্যৰ দোকানৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । গড়মূৰ চাহ বাগিচা পঞ্চায়ত সমবায় সমিতিৰ সম্পাদকে উল্লেখ কৰা অনুসৰি ২৩ আগষ্টত ছেপ্টেম্বৰ মাহৰ চাউল সংগ্ৰহ কৰিছিল সুলভ মূল্যৰ দোকানী অৰবিন্দ পাত্ৰই । কিন্তু ছেপ্টেম্বৰ মাহ শেষ হ'ব আৰু দুটা দিন বাকী আছে যদিও চিনামৰা চাহ বাগিছাৰ বৃহত্তৰ শ্ৰমিক ৰাইজে আজিকোপতি চাউল নোপোৱাত সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতিৰ ।

আনহাতে, সুলভমূল্যৰ দোকানীয়ে এই সন্দৰ্ভত কৌশলগত মন্তব্য প্ৰদান কৰি সমগ্ৰ বিষটো অন্য দিশলৈ লৈ যোৱাৰহে অভিযোগ উথাপিত হৈছে । সুলভমূল্যৰ দোকানীৰ উক্ত মন্তব্যত সন্তুষ্ট হ'ব পৰা নাই ক্ষুব্ধ গ্ৰাহক সকল । আনহাতে, সমবায় সমিতিয়ে সুলভমূল্যৰ দোকানলৈ চাউল মোকোলাই দিয়া কথা প্ৰকাশ কৰিছে তাৰ বিপৰীতে সুলভমূল্যৰ দোকানী কয় যে চাউল ল'বৰ বাবে যি সমূহ যাৱতীয় কাম কাজ কৰিব লাগে সেয়া কৰা হ'ল,কিন্তু তাৰ পিছতো সমবায়খনে চাউল মুকলি কৰি দিয়া নাই । সমবায় সমিতি সম্পাদক আৰু সুলভমূল্যৰ দোকানীয়ে পৰস্পৰৰ বিৰুদ্ধে যি অভিযোগ আৰু প্ৰতি অভিযোগ উথাপন কৰিছে সেয়া কিমান দূৰ সঁচা সেয়া বিভাগীয় কৰ্তৃপক্ষৰ নিৰপেক্ষ তদন্তহে স্পষ্ট হৈ পৰিব ।

আনহাতে, সুলভমূল্য আৰু সমৱায় সমিতি বাকযুদ্ধত অনাহকত আবদ্ধ হৈ শ্ৰমিক সকলে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে । উল্লেখ্য যে ৰাজ্য বিভিন্ন সুলভমূল্যৰ দোকানী আৰু সমবায় সমিতি সোপা ঢিলা নীতিৰ বাবে সময়মতে দৰিদ্ৰ শ্ৰেনীৰ ৰাইজে চৰকাৰে যোগান ধৰা সুলভমূল্যৰ চাউল আৰু অন্যান্য সামগ্ৰীৰ পৰা বঞ্চিত হোৱা অভিযোগ দীৰ্ঘদিনীয়া । এনে হেমাহি কৰা সকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:Attempt to suicide : ৰঙিয়াত ৰে’ল বিভাগৰ কাৰ্যালয়ৰ মুধচত উঠি আত্মহত্যাৰ চেষ্টা এজনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.