টীয়ক,17 জুন: আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান(NASA)ৰ অন্তৰ্গত আইএএছচি(International Asteroid Search Campaign)ৰ গ্ৰহানু বা উল্কাপিণ্ড অনুসন্ধান অভিযানৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফলতাৰে চাৰিটাকৈ উল্কাপিণ্ড চিহ্নিত কৰি নাছাৰ ৱেবছাইটত উল্কাপিণ্ডৰ পৰ্যবেক্ষক-আৱিষ্কাৰক হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে টীয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা বনাই তুলসীজানৰ নিবাসী কংকণ কিশোৰ দত্ত ।
কংকণ কিশোৰ দত্তৰ উপৰি ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাজীৱ ৰঞ্জন ধৰ, গঙ্গাচৰণ ধনদা বিদ্যাশ্ৰম মধ্য ইংৰাজী বিদ্যালয়ৰ দেৱস্মিতা পাল আৰু সৰ্ব শিক্ষা মিচন গুৱাহাটীৰ কুলদীপ শেনচোৱাইও এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । আমেৰিকাৰ হাৱাইত থকা পেন ষ্টাৰ্চ (PAN STARRS )টেলিস্কোপৰ পৰা মহাকাশৰ ফটো সংগ্ৰহ কৰি বিশেষ কম্পিউটাৰ প্ৰগ্ৰামৰ সহায়ত বিশ্লেষণ কৰি পোৱা প্ৰতিবেদন আইএএছচিক যোগান ধৰিছিল এওঁলোকে ।
দলীয় ভাৱে এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ অন্তৰ্গত স্বতন্ত্ৰীয় সংস্থা বিজ্ঞান প্ৰচাৰ (VIPNET)ৰ হৈ কাম কৰিছিল এই শিক্ষক কেইগৰাকীয়ে । ক'ভিড মহামাৰীৰ দুৰ্দিনৰ সময়ত আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা অসমৰ এই চাৰি গৰাকী শিক্ষকৰ সফলতাত সমগ্ৰ অসমৰ বিদ্বান মহলে শুভেচ্ছা জনাইছে ।
ইপিনে, কংকণ কিশোৰ দত্তৰ এই সফলতাত গৌৰৱ অনুভৱ কৰা সমগ্ৰ টীয়কবাসীয়ে অনাগত দিনতো এনে কাৰ্যৰ জৰিয়তে কংকণে সমগ্ৰ ৰাজ্যবাসীক গৌৰাম্বিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে।
লগতে পঢ়ক : প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞৰ ঘৰত NIA ৰ অভিযান